ETV Bharat / state

Dubai Airshow 2023 : ডুবাইৰ আকাশত উৰিব ভাৰতত থলুৱা ভাৱে নিৰ্মিত বিশেষ বিমান

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:25 PM IST

13 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ ডুবাইত অনুষ্ঠিত হ’ব ডুবাই এয়াৰ শ্ব’ ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ দল উপস্থিত ডুবাইৰ আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৷

Dubai Airshow 2023
ডুবাইৰ আকাশত উৰিব ভাৰতত থলুৱা ভাৱে নিৰ্মিত বিশেষ বিমান

তেজপুৰ, 8 নৱেম্বৰ: দ্বিতীয়বাৰৰ বাবে হ’ব লগা ডুবাই এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব ভাৰতীয় বায়ু সেনাই ৷ ডুবাই এয়াৰ শ্ব'ত অংশগ্ৰহণৰ বাবে বুধবাৰে ডুবাইত উপস্থিত হ’ল ভাৰতীয় বায়ুসেনাৰ এটা দল । উল্লেখ্যে যে, 13-17 নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব এই এয়াৰ শ্ব’ ৷ এই সন্দৰ্ভত তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়ৰ মুখপাত্ৰ লেঃ কৰ্ণেল অভিষেক বেনাৰ্জীয়ে জনায় যে, অহা 13 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিবাৰ্ষিক ডুবাই এয়াৰ শ্ব’ত অংশগ্ৰহণৰ বাবে ডুবাইৰ আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে ভাৰতীয় বায়ুসেনাৰ দল ।

সেনা বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, বায়ুসেনাৰ এটা বিশেষ দলে এডভান্সড লাইট হেলিকপ্টাৰ চমুকৈ এ এল এইচ ধ্ৰুৱ আৰু থলুৱা ভাৱে নিৰ্মিত বিশেষ বিমান লৈ ইতিমধ্যে ডুবাইৰ আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । বায়ুসেনাৰ তেজছ যুদ্ধ বিমান দুয়োটাৰে অংশ হ’ব যদিও এয়াৰ শ্ব’ৰ সময়ত এৰিয়েল ডিছপ্লেৰ জৰিয়তে ছাৰাং হেলিকপ্টাৰ প্ৰদৰ্শনকাৰী দলে তেওঁলোকৰ ফৰ্মেচন এৰোবেটিক্সৰ দক্ষতা প্ৰদৰ্শন কৰিব ৷

উল্লেখযোগ্য যে, 2021 চনত অনুষ্ঠিত ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনাৰ তেজছ আৰু চাৰাং ডিছপ্লে দলে দৰ্শকক মোহিত কৰিছিল ৷ বিগত বৰ্ষৰ দৰে এইবাৰে ভাৰতীয় বায়ুসেনাৰ দলটোৱে দৰ্শকক মুহিব পাৰিব বুলি আশা কৰিছো বুলি উল্লেখ কৰে সেনা বিষয়া গৰাকীয়ে ৷

আনহাতে, আই এ এফৰ দলটোক এয়াৰ চি-17 গ্ল’বমাষ্টাৰ তৃতীয় পৰিবহণ বিমানে মঞ্চস্থ কৰিছে । অহা 13 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মুকলি অনুষ্ঠানত প্ৰথমে দলসমূহে অনুষ্ঠান পৰিৱেশন কৰিব ৷ তাৰ পিচত বিশ্বৰ অন্যান্য আগশাৰীৰ আকাশী প্ৰদৰ্শনকাৰী দলক আকাশমাৰ্গ ভাগ কৰি দিব ।

লগতে পঢ়ক:Sootea Paddy fields :থোকে থোকে শুঁৰ পোকে খহাইছে পকিবলৈ ধৰা ধান, হাহকাৰ কৃষক ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.