ETV Bharat / state

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ সৰবৰাহ

author img

By

Published : Dec 17, 2020, 8:26 PM IST

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ সৰবৰাহ
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ সৰবৰাহ

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত দৈনিক শিল-বালিৰ সৰবৰাহ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে ৷ যাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷

তেজপুৰ, ১৭ ডিচেম্বৰ: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ অবাধ বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বন বিভাগৰ সন্মুখতে চলিছে এনে বেহা ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত পোতাশিল এন্টি পশ্বিং কেম্পৰ সমীপত দৈনিক সৰবৰাহ চলিছে শিল-বালিৰ ৷ তৎসত্বেও বিভগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ সৰবৰাহ

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যান খনৰ মাজেৰে জীয়া ভৰলী নদীত পৰ্যটকে ৰাফটিং কৰি থকা অৱস্থাত শিল-বালি সৰবৰাহ কৰা দৃশ্য দেখিবলৈ পায় ৷ শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ নদীসমূহত ঠাই বিশেষে বন বিভাগৰ অনুমতি সাপেক্ষে শিল-বালি উঠোৱাৰ ব্যৱস্থা আছে যদিও, অনুমতি অবিহনে শিল-বালিৰ সৰবৰাহ কৰাটো অতিকৈ চিন্তনীয় বিষয় ৷ আনহাতে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ অঞ্চলত প্ৰৱেশ কৰি শিল বালি কঢ়িয়াই নিয়া বিষয়টোক লৈ শংকিত হৈ পৰিছে একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজ ৷

লগতে পঢ়ক: দলিলৰ ক’লা বজাৰক লৈ বিব্ৰত ধুবুৰীৰ অধিবক্তা সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.