ETV Bharat / state

৪ গৰাকী দুৰ্ভগীয়া শিশুৰ এক মৰ্মান্তিক কাহিনী

author img

By

Published : Jul 7, 2022, 2:27 PM IST

a
a

এক অকল্পনীয় কাহিনী । কিন্তু সেয়াই ৰূঢ় বাস্তৱ । পিতৃ-মাতৃহীন ৪টা শিশুৰ এক হৃদয় বিদাৰক কাহিনীয়ে এতিয়া তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে (A heartbreaking story of 4 parentsless children in Tezpur) । এজন দিব্যাঙ্গসহ এই শিশু চাৰিটাৰ আলৈআথানিৰ কাহিনী শুনিলে হয়তো আপোনাৰো চকু সেমেকি উঠিব ৷

তেজপুৰ, ৭ জুলাই : ৪ গৰাকী অনাথ শিশুৰ এক মৰ্মান্তিক কাহিনী (A poignant story of 4 orphans) । চাৰিগৰাকীৰ ভিতৰত এগৰাকী আকৌ দিব্যাংগ । চাৰিওগৰাকীয়ে বৰ্তমান দিক-বিদিক হেৰুৱাই পেলাইছে । জীয়াই থকাৰ তাড়নাত তেওঁলোক ওলাই আহিছে ঘৰৰ পৰা । কিন্তু কিয় ? কিহৰ বাবে তেওঁলোকৰ এই অৱস্থা ? কি কাৰণত দিব্যাংগ ভনীয়েকক লৈ তিনি কণমানি শিশুৱে ঢেকীয়াজুলিৰ পৰা গৈ উপস্থিত হ'ল তেজপুৰত ?

এক অকল্পনীয় কাহিনী । কিন্তু সেয়াই ৰূঢ় বাস্তৱ । পিতৃ-মাতৃহীন ৪টা শিশুৰ এক হৃদয় বিদাৰক কাহিনীয়ে এতিয়া তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে (A heartbreaking story of 4 parentsless children in Tezpur) । এজন দিব্যাংগসহ এই শিশু চাৰিটাৰ আলৈআথানিৰ কাহিনী শুনিলে হয়তো আপোনাৰো চকু সেমেকি উঠিব ৷

ঢেকীয়াজুলিৰ পৰা গৈ শিশুকেইটা উপস্থিত হয় তেজপুৰ নৱ প্ৰভাত অনাথ আশ্ৰমত (Childrens arrive at Tezpur Nav Prabhat Orphanage) । তাত তেওঁলোকে জনোৱা মতে, শিশুকেইটাৰ পিতৃ গণেশ ঘাটোৱাৰে কিছুদিন পূৰ্বে আত্মহত্যা কৰে ৷ পিতৃ বিয়োগৰ শোক মাৰ নৌযাওঁতেই ঘটে আন এক অথন্তৰ । পিতৃহাৰা হোৱাৰ পিছত এইবাৰ শিশুকেইটা মাতৃৰ মমতাৰ পৰাও বঞ্চিত হ'বলগা হয় । কিয়নো পিতৃৰ আত্মহত্যাৰ পিছত মাক লতা ঘটোৱাৰো বেলেগ পুৰুষৰ লগত পলাই যায় ৷

ফলত নিথৰুৱা হৈ পৰে কণমানি শিশুকেইটা । চকুৰে ধুৱলি-কুঁৱলি দেখে চাৰি ভাই-ভনীয়ে । উপায়-অন্তহীন শিশুকেইটাই তাৰ পিছত আশ্ৰয় লয় খুড়াক-খুড়ীয়েকৰ ঘৰত ৷ কিন্তু তাতো তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল আন এক দুৰ্যোগে । শিশুকেইটাৰ অভিযোগ, খুড়াকৰ ঘৰতো চলে তেওঁলোকৰ ওপৰত অত্যাচাৰ ৷ দুবেলা দুমুঠি খাবলৈও নিদিয়া হয় খুড়াকৰ পৰিয়ালটোৱে । উপায়ন্তৰ হৈ ঘৰ এৰি গুচি আহে তেওঁলোক ।

কিন্তু যাব ক'লৈ ! একো জানিব-বুজিব নোৱাৰি শিশুকেইটা আহি উপস্থিত হয় অনাথ আশ্ৰমখনত । এতিয়া এই অনাথ শিশুকেইটাৰ আশ্ৰয়ৰ নতুন ঠিকনা হৈছে তেজপুৰৰ নৱ প্ৰভাৱ অনাথ আশ্ৰম ৷ অভিযোগ অনুসৰি, দিব্যাংগ শিশুটিকো খুড়াকৰ ঘত মাৰধৰ কৰা হৈছিল ৷ সেয়ে তিনি ভাতৃয়ে দিব্যাংগ ভনীয়েকক লগত লৈ তেজপুৰ পায়হি ৷ তেজপুৰলৈ আহি নৱপ্ৰভাত অনাথ আশ্ৰমত আশ্ৰয় বিচাৰে ৷ তাৰ পিছত আশ্ৰম কৰ্তৃপক্ষই শোণিতপুৰ শিশু কল্যাণ সমিতিক শিশুকেইটা গতাই দিয়ে । বৰ্তমান দিব্যাংগ শিশুটিক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে, বাকী তিনিটা শিশুক অনাথ আশ্ৰমখনতে ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :মানসিকভাৱে বিকাৰগ্রস্থ মহিলাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.