Sahitya Akademy Award 2021 : গৌতম দৈমাৰীলৈ সাহিত্য অকাডেমীৰ যুৱ বঁটা

author img

By

Published : Dec 30, 2021, 9:44 PM IST

গৌতম দৈমাৰীলৈ সাহিত্য অকাডেমী বঁটা

সাহিত্যিক গৌতম দৈমাৰীলৈ 2021 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা (Gautam Daimari conferred with Sahitya Akademy Award) ৷ বড়ো ভাষাৰ কাব্যগ্ৰন্থ 'জিও গৌনাং সহ'ৰ বাবে কবিগৰাকীলৈ আগবঢ়োৱা হয় এই বঁটা ৷

ৰঙাপৰা, 30 ডিচেম্বৰ : বড়ো ভাষাৰ কাব্যগ্ৰন্থ 'জিও গৌনাং সহ'ৰ বাবে 2021 বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমী বঁটা লাভ কৰিলে শোণিতপুৰৰ ৰঙাপৰাৰ গৌতম দৈমাৰীয়ে (Gautam Daimari conferred with Sahitya Akademy Award) ৷ এই খবৰে স্বাভাৱিকতে কবি গৌতম দৈমাৰীৰ গৃহভূমিৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে উৎফুল্লিত কৰি তুলিছে ৷ দৈমাৰীলৈ আগবঢ়োৱা বড়ো ভাষাৰ সাহিত্য অকাডেমী যুৱ বঁটা-২০২১য়ে আনন্দৰ বন্যা বোৱাইছে ৰাজ্যৰ বৌদ্ধিক মহলত ৷

অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিৰ থাইগিৰবাৰী গাঁৱৰ নিৱাসী প্ৰয়াত ৰত্নেশ্বৰ দৈমাৰী আৰু ভোগেশ্বৰী দৈমাৰীৰ দ্বিতীয় সন্তান গৌতম দৈমাৰীয়ে ১৯৯৩ চনত জন্ম গ্ৰহণ হৈছিল । অতি পিছপৰা অঞ্চলটোৰ প্ৰাদেশীকৃত নোহোৱা অনচুমৈ বড়ো হাইস্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছত গৌতম দৈমাৰীয়ে ২০১৫ বৰ্ষত ৰঙাপৰা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পন্ন কৰে । পৰৱৰ্তী সময়ত মেধাৱী ছাত্ৰ গৌতম দৈমাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৭ বৰ্ষত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

গৌতম দৈমাৰীয়ে থাইগিৰবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । 2021 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা 'জিও গৌনাং সহ' (জীৱন্ত শ) শীৰ্ষক কাব্যগ্ৰন্থখন 2019 চনত গুৱাহাটীৰ পূৰ্বায়ন পাব্লিকেশ্যনে প্ৰকাশ কৰিছিল ।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দৈমাৰী ৰঙিয়া মহাবিদ্যালয়ত বড়ো বিভাগত অস্থায়ীভাৱে আমন্ত্ৰিত অধ্যাপক হিচাপে সম্পূৰ্ণ এবছৰ ধৰি সেৱা আগবঢ়াই আহিছে ।

ইয়াৰ পূৰ্বে ২০১৮ চনৰ পৰা ২০২০ চনলৈকে কটন মহাবিদ্যালয়ৰ বড়ো বিভাগত অস্থায়ী সহকাৰী অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল । ছাত্ৰ অৱস্থাৰ পৰা এগৰাকী ভাল বক্তা হিচাপেও পৰিচয় দাঙি ধৰা গৌতম দৈমাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত ৰঙাপৰা মহাবিদ্যালয়ৰ হৈ অংশ গ্ৰহণ কৰিছিল । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰঙাপৰাৰ যুৱকজনে লাভ কৰা এই সন্মানে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত ৰঙাপৰা প্ৰেছ ক্লাৱে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক: Sahitya Akademy Award 2021 : বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.