ETV Bharat / state

যুদ্ধবিমানৰ কভাৰ-হেলিকপ্টাৰৰ কুচন তৈয়াৰ কৰা নাছিম আহমেদৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 8:26 PM IST

১৯৯৭ চনৰ পৰা ভাৰতীয় বায়ুসেনাৰ যুদ্ধ জাহাজৰ কভাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰি অহা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ ব্যক্তিজন কোন আপুনি জানেনে ? আহক আজি আমি আপোনালোকক সেই ব্যক্তিগৰাকীৰ লগত চিনাকী কৰাই দিম । এজন সুদক্ষ কাৰিকৰ নাছিম আহমেদৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ..

sukhoi 30 mki
accessories for fighter plane

নাছিম আহমেদৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তেজপুৰ, ১২ জানুৱাৰী: অতিশয় সূক্ষ্ম চেঞ্চৰ সংযুক্ত থকা ছুখৈ-30 এমকেআই (Su30 -MKI )যুদ্ধ বিমানখনৰ প্ৰতিটো সংযুক্ত অংশৰ বাবে পৃথকে চিলাব লাগে কভাৰ বা ঢাকনি আৰু এয়াও এক কাৰিকৰী কুশলতাৰেহে সম্ভৱ ৷ দৰাচলতে ছুখৈৰ এই ঢাকনি ৰাছিয়াৰ পৰাই বিমানৰ স’তে প্ৰেৰণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত এইবোৰ উত্তৰ প্ৰদেশৰ বেৰেলী আৰু কাণপুৰত ৰাছিয়াত চিলোৱাৰ দৰেই হুবহু চিলোৱা হৈছিল ৷

এই দুঠাইৰ বাহিৰে দেশত নিজস্বভাৱে একমাত্ৰ অসমৰ তেজপুৰত এই গুৰুত্বপূৰ্ণ ঢাকনি চিলোৱা হয় আৰু ইয়াৰ পৰা নাচিক, পশ্চিম বংগ, গুজৰাটৰ লগতে ৰাজ্যৰ একাধিক বিমানঘাটিলৈ এইবোৰ কভাৰ আৰু কুচন যোগান ধৰা হয় ৷ শোণিতপুৰ জিলাৰ সদৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত তেজপুৰৰ সীতাবস্তিৰ নাছিম আহমেদে সুদীৰ্ঘকাল ধৰি এই কামৰে জড়িত হৈ আছে ৷

দেশৰ বায়ুসেনাৰ এগৰাকী কৰ্মচাৰী হিচাপে আহমেদৰ পিতৃ আব্দুল কুদ্দুচে সেনাৰ বিভিন্ন বাহনৰ বাবে প্ৰয়োজন অনুসৰি কুচন চিলাইছিল ৷ পাছত তেওঁৰ পুত্ৰই প্ৰথমতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় বেগ তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰাৰ লগতে ১৯৯৭ৰ পৰা বায়ুসেনাৰ প্ৰয়োজন অনুসৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ লয় ৷

প্ৰথমতে ছুখৈ এমকেআইৰ কভাৰ নিজস্ব উদ্ভাৱনি কৌশলৰে চিলাবলৈ সক্ষম হোৱা সুদক্ষ কাৰিকৰ আহমেদে এই অত্যাধুনিক যুদ্ধ বিমানৰ বিভিন্ন যন্ত্ৰাংশৰ প্ৰয়োজনীয় ঢাকনি চিলাবলৈ লয় ৷ লগতে চিনুক হেলিকপ্টাৰ বিভিন্ন ঢাকনি, সংবেদনশীল কভাৰ তেওঁ নিজাববীয়াকৈ চিলায় ।

যিকোনো বিমান নতুবা হেলিকপ্টাৰ পৰ্যবেক্ষণ কৰি সুবিধাজনকভাৱে ইয়াৰ কুচন চিলাবলৈ সক্ষম হোৱা আহমেদে ফ্লেকচিবল এয়াৰ ডাকট’, ৰাডাৰৰ দৰে সংবদনশীল যন্ত্ৰৰ ঢাকনি, চি এম ডি এছ ষ্ট’ৰ, পিষ্টলৰ বিশেষ হ’ল্ড ষ্টৰ, মিছাইল লাউঞ্চাৰৰ কভাৰ আদি চিলাই সফলতা লাভ কৰে ৷ বৰ্তমান সেনাৰ আৰু বায়ুসেনাৰ ৯০ টা গুলি ভৰাই লৈ থাকিব পৰা এক কভাৰ প্ৰস্তুত সম্পন্ন কৰিছে লগতে সেনা আৰু বায়ুসেনাৰ ৰচদ-পাতি কঢ়িয়াই নিয়া এক বেগ প্ৰস্তুত কৰিছে ।

তেওঁ নিজস্ব কৌশলৰে অতি সুবিধাজনকভাৱে এইবোৰ সামগ্ৰী প্ৰস্তুত কৰাত পাকৈত আহমেদে ইয়াৰ বাবে দুজন কুশলীকো প্ৰশিক্ষণ দি লৈছে আৰু নিৰন্তৰভাৱে এই কাম কৰি গৈছে ৷ একোখন ছুখৈ আৰু হেলিকপ্টাৰৰ সম্পূৰ্ণ কভাৰ প্ৰস্তুত কৰা আহমেদে হেলিকপ্টাৰৰ আসনত কুচন ব্যৱহাৰৰ ক্ষেত্ৰত থকা জটিলতাও দূৰ কৰি ইয়াত কুচন সংযোগ কৰিবলৈ সক্ষম হয় ৷

দেশৰ ৰাষ্ট্ৰপতি নতুবা শীৰ্ষ ভিআইপিৰ বাবে হেলিকপ্টাৰত এনে কুচনৰ আৱশ্যক হয় ৷ এই কুচন আহমেদে নিজস্ব উদ্ভাৱনী কৌশলৰে হেলিকপ্টাৰৰ আসনত সংযোজন কৰিবলৈ সক্ষম হয় ৷ বছৰি চাৰিমাহ দেশৰ বায়ুসেনাৰ এনে সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত থকা আহমেদে তেওঁৰ এই কাম কেৱল পেশা হিচাপেই নহয়, দেশ সেৱাৰ এক দায়িত্ব বুলিও আন্তৰিকতাৰে বিশ্বাস কৰি আহিছে ৷

লগতে পঢ়ক: সাগৰৰ ওপৰত দেশৰ দীৰ্ঘতম 'অটল সেতু' উদ্বোধন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.