ETV Bharat / state

Electricity system in Assam : ৰঙাপৰাত মৰণফান্দ, নিৰ্বিকাৰ শক্তি বিভাগ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 11:34 AM IST

ELECTRIC WIRES IN DANGEROUS CONDITIONS IN Rangapara of sonitpur
ৰঙাপৰাত শক্তি বিভাগৰ মৰণফান্দ

ৰঙাপৰাত মৰণফান্দত পৰিণত বিদ্যুৎ পৰিবাহী তাঁৰ ৷ কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিদ্যুৎ বিভাগ । ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি ৷

ৰঙাপৰাত শক্তি বিভাগৰ মৰণফান্দ

ৰঙাপৰা, 3 নৱেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ফুলগুৰিত এডাল বিদ্যুৎ পৰিবাহী তাঁৰ পৰিণত হৈছে মৰণফান্দত। অতি বিপদজনক অৱস্থাত ওলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰডাল । বিদ্যুৎ পৰিবাহী তাঁৰডালৰ বাবে ফুলগুৰিত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰা পৰিলক্ষিত হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি ফুলগুৰিৰ হাতীপুখুৰী গাঁওখনৰ পথৰ দাঁতিত আৰু পথৰ মাজভাগত থকা বিদ্যুৎ পৰিবাহী তাঁৰডাল বিগত কেবা মাহ ধৰি বিপদজনকভাৱে ওলমি আছে ৷ ইয়াৰ পিছতো বছৰটোৰ 12 টা মাহেই সংবাদ শিৰোনাম দখল কৰা ৰাজ্যৰ বিদ্যুৎ বিভাগটোৱে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকে । পথৰ মাজত বিপদজনক অৱস্থাত তাঁৰডাল ওলমি থকাৰ পিছতো ৰঙাপাৰা উপ-সংমণ্ডলৰ কাৰ্যালয়ে চকু মুদা কুলিৰ ভাও ধৰি আহিছে ।

মন কৰিবলগীয়া যে, ফুলগুৰিৰ হাতীপুখুৰী গাঁৱত পথৰ দাঁতিত আৰু পথৰ মাজত মাটিৰ পৰা যথেষ্ট কম বিদ্যুৎ পৰিবাহী তাঁৰডাল থকাত আশংকা কঢ়িয়াই পথটোৰে অহা-যোৱা কৰিবলগীয়াত পৰিছে সকলোৱে । ৰাইজক বিপদ মুক্ত কৰিবলৈ স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক বাৰম্বাৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত কাণসাৰ নিদিয়া বুলি জনায় স্থানীয় ৰাইজে ।

লক্ষণীয় কথাটো এই যে তাঁৰডালৰ তলৰে নিতৌ গাঁওখনত থকা অংগনবাদী কেন্দ্ৰৰ কণ কণ শিক্ষাৰ্থী, সমীপৱৰ্তী বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু ৰাইজে বিপদসংকুলভাৱে অহা-যোৱা কৰিবলগীয়াত পৰিছে । ইফালে ৰঙাপাৰাৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ে গুৰুত্বপূৰ্ণ সমস্যাটো সন্দৰ্ভত কিয় মূৰ পোলোকা স্থিতি গ্ৰহণ কৰিছে ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । সমস্যাটো সমাধানৰ ক্ষেত্ৰত শক্তিমন্ত্ৰী তথা ৰঙাপৰাৰ বিদ্যুৎ বিভাগটোৱে পৰৱৰ্তী সময়ত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব অতি লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Congress slams BJP: পিয়াঁজেই সৰ্বনাশ মাতিছিল কংগ্ৰেছ দললৈ বুলি কিয় ক’লে বিৰোধী দলপতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.