বিতৰ্কত পৰীক্ষাৰ্থীৰ হাফপেন্ট !

author img

By

Published : Sep 16, 2021, 9:58 PM IST

dress-code-of-female-exam-candidate-creating-controversy-across-state

দেশৰ ভিতৰতে অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধে শীৰ্ষ স্থান দখল কৰিছে ৷ সেই সময়তে বিতৰ্কৰ সৃষ্টি কৰিছে এগৰাকী ছাত্ৰীয়ে হাফপেন্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱাৰ বিষয়ে ৷ সবিশেষ জানো আহক ৷

তেজপুৰ, ১৬ ছেপ্টেম্বৰ : তেজপুৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত সংঘটিত হোৱা এক ঘটনাই সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে । হাফপেণ্ট পিন্ধি অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষা দিবলৈ যোৱা এগৰাকী ছাত্ৰীক পৰীক্ষাত বহিবলৈ বাধা দিয়ে পৰীক্ষকে । এই ঘটনা সংঘটিত হ'ল তেজপুৰ কুন্দুৰাবাৰীস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চাইন্স কেন্দ্ৰত ।

পৰীক্ষা কেন্দ্ৰটোলৈ পিতৃৰ লগত হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ গৈছিল জুবলী তামুলী নামৰ ছাত্ৰী গৰাকী । পৰীক্ষাত বহিবলৈ প্ৰৱেশ পত্ৰ লগত নিয়াৰ পিছতো ছাত্ৰী গৰাকীক হাফপেণ্ট পিন্ধি যোৱাৰ বাবেই পৰীক্ষাৰ দায়িত্বত থকা বিষয়াই পৰীক্ষা গৃহত সোমাবলৈ নিদিয়ে বুলি কৈ আৰু এটা লংপেণ্ট যোগাৰ কৰিবলৈ কয় । ইয়াৰ পিছতে হাহাকাৰ লাগে পৰীক্ষাৰ্থী গৰাকী আৰু পিতৃৰ ।

ইফালে তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত কেন্দ্ৰটো থকাৰ বাবে পিতৃয়ে কন্যাৰ বাবে এটা লংপেণ্ট বিচাৰি গোটেই অঞ্চল চলাথ কৰে । পিছে চহৰৰ পৰা নিলগৰ অঞ্চলটোত বিচাৰিলেই নো লংপেণ্ট পায় ক’ত ? অৱশ্যে, লংপেণ্ট আহি নোপোৱাত অৱশেষত এটা বুদ্ধিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা বিষয়াই উলিয়ালে উপায় ৷

এই অনুসৰি, শৈক্ষিক প্ৰতিষ্ঠান খনৰ পৰ্দা এখন পিন্ধাই পলমকৈ হ'লেও পৰীক্ষা দিবলৈ দিয়া হ’ল ছাত্ৰী গৰাকীক । এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে পৰীক্ষাৰ্থী গৰাকীয়ে ন্যায় বিচাৰি শিক্ষা মন্ত্ৰীৰ কাষ চাপিব বুলিও কয় । উল্লেখ্য যে, যি সময়ত দেশৰ ভিতৰতে অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধে শীৰ্ষ স্থান দখল কৰিছে, সেই সময়তে ছাত্ৰীৰ পোচাকে সৃষ্টি কৰা এনে বিতৰ্কই এতিয়া যথেষ্ট তাৎপৰ্য সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : থাওৰাত হাইভল্টেজ পলিটিকেল ড্ৰামা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.