ETV Bharat / state

Sukhoi 30 mki : প্ৰতিৰক্ষা সামৰ্থ সম্প্ৰসাৰিত হোৱাটো গৌৰৱৰ বিষয়; দ্ৰৌপদী মূৰ্মু

author img

By

Published : Apr 8, 2023, 10:21 PM IST

তেজপুৰৰ বায়ু সেনাৰ ঘাটিত হৈ চুখয় 30 এম কে আই যুদ্ধ জাহাজেৰে চফৰ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে (President Draupadi Murmu) ৷ উল্লেখ্য যে, তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা চুখয় 30 এম কে আই যুদ্ধ জাহাজেৰে চফৰ কৰা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ল দ্ৰৌপদী মূৰ্মু ৷ ইয়াৰ পিছতেই ব্য়ক্ত কৰিলে ভ্ৰমণৰ অভিজ্ঞতা ।

President Draupadi Murmu
তেজপুৰ বায়ু সেনাৰ ঘাটিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

তেজপুৰ, ৮ এপ্ৰিল : অসমৰ তেজপুৰ বায়ু সেনাৰ ঘাটিৰ পৰা দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে চুখয় ৩০ এম কে আই যুদ্ধ বিমানেৰে যাত্ৰা কৰি ব্য়ক্ত কৰিলে অনুভৱ (Draupadi Murmu travelled through sukhoi 30 mki)। ৮০০ কিলোমিটাৰ গতিবেগত আৰু সাগৰ পৃষ্ঠৰ পৰা ২ কিলোমিটাৰ উচ্চতাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ ৰাষ্ট্ৰপতিগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু তেজপুৰ উপত্যকা অতিক্ৰম কৰি হিমালয় পৰিসৰ প্ৰত্য়ক্ষ কৰি ৩০ মিনিট যুদ্ধ বিমান চলাই পুনৰ বায়ু সেনাৰ ঘাটিলৈ উভতি আহে । এই বিমান যাত্ৰা ভাল লগা বুলি মন্তব্য় কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

President Draupadi Murmu
তেজপুৰ বায়ু সেনাৰ ঘাটিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

চুখয় ৩০এম কে আই ১০৬ স্কোৱাড্ৰনৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন নবীন কুমাৰ তিৱাৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক এই বিমানখনত ৩০ মিনিট সময় উৰুৱাইছিল । এই বিমানখনে সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় দুই কিলোমিটাৰ উচ্চতাত আৰু প্ৰতি ঘণ্টাত ৮০০ কিলোমিটাৰ বেগত উৰে । ৰাষ্ট্ৰপতি মূৰ্মু এনে বিমানৰে উৰণ কৰা তৃতীয়গৰাকী ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি ।

চুখয়ৰ পৰা অৱতৰণ কৰি বায়ুসেনা বাহিনীৰ দৰ্শনাৰ্থীৰ টোকাত ৰাষ্ট্ৰপতিগৰাকীয়ে এক চমু টোকা লিখি নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, "ভাৰতীয় বায়ু সেনাৰ শক্তিশালী চুখয় ৩০ এম কে আই যুদ্ধ বিমান চলোৱাটো মোৰ বাবে এক বিশেষ অভিজ্ঞতা আছিল । ই এক আচৰিত কথা । ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা অতিশয় সম্প্ৰসাৰিত হৈ স্থল, বায়ু আৰু সাগৰৰ সকলো সীমা সামৰি লোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছো । এই যাত্ৰা আয়োজন কৰা বাবে ভাৰতীয় বায়ু সেনা আৰু বায়ু সেনা ঘাটি তেজপুৰৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো ।"

ৰাষ্ট্ৰপতিগৰাকীক বিমানখন আৰু ভাৰতীয় বায়ু সেনাৰ (IAF) কাৰ্যকৰী সামৰ্থ্যৰ বিষয়েও অৱগত কৰা হয় । তেওঁ আই এ এফৰ কাৰ্যকৰী প্ৰস্তুতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ হিচাপে চুখয় ৩০ এম কে আই যুদ্ধ বিমানত ৰাষ্ট্ৰপতিগৰাকীয়ে সশস্ত্ৰ বাহিনীৰ সৈতে জড়িত হোৱাৰ প্ৰচেষ্টাৰ এটা অংশ বুলি কয় । কিছুদিন পূৰ্বে মাৰ্চ মাহত ৰাষ্ট্ৰপতিগৰাকীয়ে আই এন এছ বিক্ৰান্ত ভ্ৰমণ কৰি থলুৱাভাৱে নিৰ্মিত বিমানখনত থকা বিষয়া আৰু নাৱিকসকলৰ সৈতেও মত বিনিময় কৰে । উল্লেখ্য় যে, বৰ্তমান যুদ্ধ জাহাজ চুখয় ৩০ এম কে আইৰ বৃহৎ ঘাটি আন্তঃৰাষ্ট্ৰীয় সীমান্ত তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশে আগুৰি আছে (Tezpur Air Force Base) ৷

লগতে পঢ়ক: PM Modi Slammed Telangana govt : তেলেংগানা চৰকাৰে কেন্দ্ৰক সহযোগিতা নকৰাৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.