ETV Bharat / state

Deadbody recovered at Tezpur : বৰদিন উদযাপন কৰিবলৈ গৈ উভতি নাহিল তেজপুৰৰ দিগন্ত

author img

By

Published : Dec 26, 2021, 2:11 PM IST

বৰদিনৰ উদযাপন কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল তেজপুৰৰ এজন যুৱক ৷ দেওবাৰে পুৱা কলিয়াভোমোৰা সেঁতুৰ কাষত লালমাটি আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ (Deadbody recovered by Lalmati Police) ৷

deadbody-recovered-by-lalmati-police
বৰদিনৰ উদযাপন কৰিবলৈ গৈ উভতি নাহিল তেজপুৰৰ দিগন্ত

তেজপুৰ, 26 ডিচেম্বৰ : অসমত অতি উলহ-মালহেৰে পালন কৰা হ'ল পবিত্ৰ বৰদিন (Christmas celebration in Assam) ৷ পিছে বৰদিনৰ দিনাই তেজপুৰত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident in Tezpur) ৷ শনিবাৰে নিশা বৰদিন উদযাপন কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল তেজপুৰৰ এজন যুৱক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰজেন নগৰৰ নিবাসী ধীৰেন দাসৰ দ্বিতীয় পুত্ৰ দিগন্তই শনিবাৰে আবেলি 4 মান বজাত দৰং মহাবিদ্যালয়ৰ সমীপত থকা নিজৰ ম’বাইল দোকানলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল ৷ দিগন্তই ঘৰৰ পৰা AS 01 DH 7454 নম্বৰৰ মটৰ চাইকেলখন লৈ ওলাই আহে ৷ কিন্তু নিশা 10 বজা পৰ্যন্ত যুৱকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে ৷

আনহাতে, দেওবাৰে পুৱাৰ ভাগত কলিয়াভোমোৰা সেঁতুৰ দক্ষিণপাৰৰ চুলুং বজাৰৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা কালভাৰ্টৰ কাষত উদ্ধাৰ হয় দিগন্তৰ মৃতদেহ (Deadbody recovered at Tezpur) ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি (Deadbody recovered by Lalmati Police ) মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

ইফালে, যুৱকজনৰ শৰীৰত আঘাতৰ কোনো চিন নথকাৰ হেতু কোনো অচিনাক্ত দুৰ্বৃত্ত বা বন্ধুবৰ্গই অতি পৰিকল্পিতভাৱে হত্যা কৰি এইদৰে পেলাই যোৱা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে ৷ তদুপৰি মৃতদেহটোৰ লগত যুৱকজনৰ ম’বাইল ফোন আৰু মানিবেগটো নথকাত এই ঘটনাত স্বাভাৱিকতে ৰহস্যৰ সৃষ্টি হৈছে ৷

ইতিমধ্যে দিগন্তৰ পৰিয়ালে ঘটনা সন্দৰ্ভত লালমাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত লালমাটি আৰক্ষীয়ে কেইবাজনো বন্ধুক থানালৈ মাতি আনি সোধ-পোচ আৰম্ভ কৰিছে ৷ যদিও ঘটনা সম্পৰ্কে এইপৰ্যন্ত কোনো ধৰণৰ তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : Road accident statistics : ৰাজ্যত দৈনিক গড়ে সংঘটিত হয় ২১ টাকৈ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.