ETV Bharat / state

তেজপুৰত ব্ৰহ্মপুত্ৰৰ ঘাটত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

author img

By

Published : Sep 12, 2021, 9:46 PM IST

তেজপুৰত ব্ৰহ্মপুত্ৰৰ ঘাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ এই মৃতদেহটোৰ সৈতে নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে ৷

dead body of unidentified women rescued in the river bank of brahmaputra in tezpur
পুনৰ ব্ৰহ্মপুত্ৰৰ ঘাটত নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ

তেজপুৰ, ১২ ছেপ্টেম্বৰ : তেজপুৰৰ দেৱী সিং ঘাটৰ বিপৰীত দিশত দেওবাৰে সন্ধিয়া নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা অছিনাক্ত মহিলাৰ মৃতদেহ ৷ মৃতদেহটোৰ অবয়বলৈ চাই এতিয়ালৈকে মৃতদেহটো কোনো প্ৰকাৰে চিনাক্তকৰণ কৰিব পৰা হোৱা নাই । অৱশ্যে এই মৃতদেহটোৰ সৈতে নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, নিমাতীঘাটৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ পিছতে বিভিন্ন নদী সুৰক্ষা বাহিনীয়ে এতিয়া জিলাই জিলাই অভিযান অব্যাহত ৰাখিছে ৷ শনিবাৰে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বৰ্তমান পৰ্যন্ত নিৰুদেশ হৈ থকা চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰা সম্পৰ্কত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

ইয়াৰ মাজতে দেওবাৰে তেজপুৰত নদী আৰক্ষীৰ তৎপৰাতত দেৱী সিং ঘাটৰ সমবায় চাপৰিত বিপৰীত দিশত এটা তাপুত এই মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ কিন্ত এই গৰাকী মহিলাৰ বিষয়ে কোনো তথ্য লাভ কৰা নাই বুলি জানিব দিয়ে তেজপুৰৰ আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় ঘনাৱাতে ।

উল্লেখযোগ্য যে, তেজপুৰ চহৰত সম্প্ৰতি কোনো মহিলাৰ পানীৰ লগত জড়িত কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য নাই ৷ গতিকে, এই মৃতদেহটো নিমাতীঘাটৰ দুৰ্ঘটনাত নিহত কোনো দুৰ্ভগীয়া মহিলাৰে হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷ অৱশ্যে, এতিয়া এই বিষয়ত সম্পূৰ্ণ পৰীক্ষা কৰাৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক : খিলঞ্জীয়া মুছলমানক গোষ্ঠী হিচাপে ঘোষণাৰ আহ্বান নেকিবুৰ জামানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.