ETV Bharat / state

জল জীৱন আঁচনি: মোদীৰ সপোন সপোনেই হৈ ৰ’ব চাগে !

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:29 PM IST

Updated : Dec 6, 2023, 2:28 PM IST

corruption-in-jjm-water-supply-scheme-at-misamari
প্ৰহসনত পৰিণত জল জীৱন আঁচনি

মিছামাৰীৰ কলাকুছিত প্ৰহসনত পৰিণত জল জীৱন আঁচনি : দুবছৰে সম্পূৰ্ণ নহ’ল বিশুদ্ধ খোৱা পানী আঁচনি : ৰাইজৰ তদন্তৰ দাবী ।

প্ৰহসনত পৰিণত জল জীৱন আঁচনি

ৰঙাপৰা, 6 ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এখন অভিলাষী আঁচনি হ’ল জল জীৱন মিছন । জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী লাভ কৰিব । কিন্তু অতি পৰিতাপৰ বিষয় যে, ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগ তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ একাংশ ঠিকাদাৰ আৰু বিষয়া-অভিযন্তাৰ চূড়ান্ত গাফিলতিৰ বাবে একাংশ জল মিছন আঁচনিৰ কাম আজিও সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উঠিছে ।

যি সময়ত গ্ৰামাঞ্চল বা চাহ বাগিচা অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে শোণিতপুৰ জিলাৰ মিছামাৰীৰ কলাকুছিত ৰূপায়ণ হোৱা এখন জল মিছন আঁচনিৰ পৰা স্থানীয় ৰাইজ উপকৃত নহ’ল । বৰঞ্চ মিছামাৰীৰ কলাকুছিৰ চাহ শ্ৰমিক ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হোৱাৰ অভিযোগ উঠিছে । ইফালে বুধবাৰে মিছামাৰীৰ কলাকুছি চাহ বাগিচাৰ শ্ৰমিক ৰাইজে আঁচনিখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ দাবীত ওলাই আহে ।

প্ৰাপ্ত খবৰ অনুসৰি, কলাকুছি চাহ বাগিচাত বসবাস কৰি থকা শ্ৰমিক ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যৰে উক্ত চাহ বাগিচাখনৰ ২১ নং শ্ৰমিক লাইন তথা লক্ষী মন্দিৰৰ সমীপত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিখন ৰূপায়ণ কৰা হৈছিল । উল্লেখ্য যে, চাহ বাগিচাখনত খোৱা পানীৰ যথেষ্ট সমস্যা থকাত জল মিছন আঁচনিখন ৰূপায়ন হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছিল । কিন্তু অতি পৰিতাপৰ কথা যে, বিভাগীয় ঠিকাদাৰ আৰু একাংশ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত হেমাহিৰ বাবে জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ নোহোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে ।

এই প্ৰতিবেদকক স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, প্ৰায় দুবছৰৰ পূৰ্বে তেজপুৰৰ ঠিকাদাৰ অমিত ঘোষে জল জীৱন মিছন আঁচনিখন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল । পৰৱৰ্তীকালত অমিত ঘোষৰ পৰা আঁচনিখনৰ কাম কৰাৰ বাবে বাবুল ঘোষে চাব কণ্টেকত লৈছিল । বিগত প্ৰায় দুটা বছৰে আঁচনিখনৰ কাম সম্পূৰ্ণ নোহোৱাত এতিয়া আঁচনিখন গৰু-ছাগলীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে । তাৰোপৰি আঁচনিখনৰ প্ৰস্বাৱগাৰ-শৌচাগাৰটো একাংশ লোকে লেতেৰা কৰি পেলোৱাত দুৰ্গন্ধই ছানি ধৰিছে । এই সন্দৰ্ভত আটছাৰ মিছামাৰী উপ-শাখাৰ সভাপতি মদন কুৰ্মীয়ে কয় যে, কলাকুছি চাহ বাগিচাৰ ২১ নং শ্ৰমিক লাইনত নিৰ্মাণ কৰা খোৱা পানী আঁচনিখনৰ কাম এতিয়াও বহুখিনি কৰিবলগীয়া আছে । আঁচনিখনৰ কাম ক্ষীপ্ৰতাৰে কৰি ৰাইজক খোৱা পানী যোগান ধৰিবলৈ ঠিকাদাৰক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত তেখেতে কাণসাৰ নিদিলে । লগতে ঠিকাদাৰ গৰাকীয়ে তিনি ফুট দ’কৈ গাঁত খান্দি পানীৰ পাইপ পোতাৰ বিপৰীতে দুই ফুটকৈ খান্দি পানীৰ পাইপবোৰ পুতি থৈ যায় ।

আঁচনিখনৰ কাম ঠিকাদাৰ গৰাকীয়ে কেনেদৰে কৰিছে সেয়া চোৱা-চিতা কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঢেকিয়াজুলি সংমণ্ডলৰ অভিযন্তা গৰাকীয়ে এদিনো আঁহৰি নাপালে বুলি মদন কুৰ্মীয়ে অভিযোগ তোলে । তেওঁ পুনৰ কয়- যদি বিভাগীয় ঠিকাদাৰে এইদৰে নিজৰ মইমতালিৰে জল জীৱন মিছন আঁচনিখনৰ কাম কৰি থাকে তেতিয়াহ’লে ২০২৪ চনত প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰাৰ যি সপোন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখিছে, সেইয়া সপোন হৈয়ে ৰ’ব ।

ঠিকাদাৰ আৰু বিভাগীয় একাংশ বিষয়াৰ চৰম মইমতালিৰ বাবে ৰাইজে খোৱা পানী লাভ কৰাৰ আশা এক প্ৰকাৰ ক্ষীণ হৈ পৰিছে । ইপিনে আটছাৰ ঢেকিয়াজুলি শাখাৰ সভাপতি সুজিত কুৰ্মীয়ে কয়- ‘মিছামাৰীত একাংশ জল জীৱন মিছন আঁচনি সম্প্ৰতি ধোঁৱা চাঙত উঠিছে । একাংশ ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে ৰাইজে বিশুদ্ধ খোৱা পানীৰ বঞ্চিত হৈ আহিবলীয়া হৈছে । কলাকুছিত নিৰ্মাণ হোৱা আঁচনিখনৰ কাম সম্পূৰ্ণ হ’বলৈ ইমান সময়ৰ কিয় প্ৰয়োজন হ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে তাৰ এক উচিত তদন্তৰ ব্যৱস্থা কৰক’ । প্ৰয়োজন হ’লে ঠিকাদাৰ অমিত ঘোষক ব্লেক লিষ্ট কৰি অন্য এগৰাকী ঠিকদাৰক নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিবলৈ সংশ্লিষ্ট বিভাগটোক সভাপতি সুজিত কুৰ্মীয়ে দাবী জনাইছে ।

লক্ষণীয় বিষয় এই যে, জনস্বাস্থ্য কাৰীকৰি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ চূড়ান্ত হেমাহিৰ বাবে ঠায়ে ঠায়ে জল মিছন আঁচনিসমূহ প্ৰহসনত পৰিণত হোৱাৰ এক অভিযোগ উঠিছে । সেয়া যি কি নহওক, শীঘ্ৰে কলাকুছিৰ জল জীৱন মিছন আঁচনিখনৰ কাম সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক : Corruption in JJM : মেৰাপানীত বগা হাতীত পৰিণত কোটি টকীয়া জল জীৱন আঁচনি

Last Updated :Dec 6, 2023, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.