ETV Bharat / state

তেজপুৰত অনুজ মেচৰ শেষ প্ৰচাৰ

author img

By

Published : Mar 26, 2021, 11:39 AM IST

অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত । বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে শেষ প্ৰতিশ্ৰুতিৰে বৃহস্পতিবাৰে সামৰণি পৰিল নিৰ্বাচনী প্ৰচাৰৰ ।

তেজপুৰত অনুজ মেচৰ শেষ প্ৰচাৰ
তেজপুৰত অনুজ মেচৰ শেষ প্ৰচাৰ

তেজপুৰ, 26 মাৰ্চ: ইতিমধ্যেই সমাপ্ত হ'ল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ অন্তিমটো দিনৰ প্ৰচাৰ অভিযানত কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ অনুজ মেচে প্ৰচাৰ চলালে শোণিতপুৰ জিলাৰ তেজপুৰত । তেজপুৰ সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডঃ অনুজ মেচে বৃহস্পতিবাৰে নিৰ্বাচনী বিধি অনুসৰি তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত শেষবাৰৰ বাবে প্ৰচাৰ অভিযান চলাই ভোট বিচাৰিলে ।

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে তেজপুৰ চহৰৰ বান সমস্যাৰ লগতে উন্নয়ন সাধন কৰি তেজপুৰ চহৰক এক নতুন গতি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । আনহাতে, তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা সংগ্ৰাহালয় নিৰ্মাণৰ কাম হোৱাটো উচিত বুলি কোৱাৰ লগতে লাগিলে তেওঁৰ পৰিৱৰ্তে বিৰোধী দলৰ প্ৰাৰ্থী বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই নিজেই কওঁক বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: অতুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি কোষৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.