Bihu Workshop: ভৰ শাওণত ঢোলে গুম গুমালে জামুগুৰিহাটত

author img

By

Published : Jul 31, 2022, 12:27 PM IST

closing ceremony of bihu workshop in jamugurihat

চ'তো নহয় ব'হাগো নহয় শাওণতে ঢোলৰ মাতে কঁপালে জামুগুৰিহাট । আবতৰীয়া বিহু চাবলৈ হিলদল ভাঙি আহিল ৰাইজ । ১৫ দিনীয়া বিহু কৰ্মশালাৰ অন্তত ঢোল পেঁপা গগনাৰ মাতত ৰজনজনাই গ’ল সমগ্ৰ জামুগুৰিহাট(Bihu workshop held in Jamugurihat) ।

চতিয়া,৩১ জুলাই : আবতৰীয়া বিহুয়ে কপালে জামুগুৰিহাট ৷ ঢোল পেঁপা গগনাৰ মাতৰ লগতে ঢুলীয়াৰ ঢোলৰ চেৱত এজাক নাচনীৰ নাচত ৰজনজনাই গ’ল সমগ্ৰ জামুগুৰিহাট ৷ জামুগুৰিহাটৰ কুসুমটোলাৰ এক অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান গগনাৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাৰ শনিবাৰে বিয়লি সামৰণি পৰে(Bihu workshop held in Jamugurihat) । কৰ্মশালাৰ সামৰণি হিচাপে কুসুমটোলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ৷

জামুগুৰি নগৰ কমিটিৰ পৌৰপতি পল্লবীতা শৰ্মা মহন্তই শুভ উদ্বোধন কৰা এই বিহু অনুষ্ঠানত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷ উল্লেখ্য যে যোৱা ১৫ জুলাইৰ পৰা ৩০ জুলাইলৈ কুসুমটোলাত অনুষ্ঠিত হৈছিল এক বিহু কৰ্মশালা । এই কৰ্মশালাখনিত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক চেমনীয়া, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

ভৰ শাওণত ঢোলে গুম গুমালে জামুগুৰিহাটত

অসমীয়া জাতীয় জীৱনৰ অন্যতম উপাদান ঢোল পেঁপাৰ লগতে বিহু নাচৰ প্ৰশিক্ষণ দিয়া এই কৰ্মশালাত ঢোল আৰু পেঁপা বাদনৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে ৰণ্টু বৰকটকী, উৎপল দাস আৰু ৰিপুন শইকীয়া ৷ একেদৰে বিহু নাচৰ প্ৰশিক্ষণ দিয়ে বিহুৱতী ৰশ্মিৰেখা দাস আৰু পম্পী গগৈয়ে ৷

অসমৰ সাংস্কৃতিক ৰাজধানী ৰূপে পৰিচিত জামুগুৰিহাটৰ কুসুমটোলাৰ গগনা সাংস্কৃতিক গোষ্ঠীৰ এনে বিহু কৰ্মশালাই উঠি অহা প্ৰজন্মক সাংস্কৃতিক দিশত যথেষ্ঠ আগুৱাই নিব বুলি সাংস্কৃতিক মহলে মন্তব্য কৰাৰ লগতে তেওঁলোকৰ এনে মহৎ প্ৰচেষ্টাক সকলোৱে প্ৰশংসাৰে ওপচাই তোলে ৷

লগতে পঢ়ক: Drugs Disposal at Sonari: সোণাৰিত আৰক্ষীয়ে দাহ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.