ETV Bharat / state

ভূমিকম্পৰ ফলত ধিঙত বিস্তৰ ক্ষতিসাধন

author img

By

Published : Apr 28, 2021, 8:46 PM IST

badly-damaged-by-earthquake-in-dhing-etv-bhaarat-news
ভূমিকম্পৰ ফলত ধিঙত বিস্তৰ ক্ষতিসাধন

বুধবাৰে পুৱা অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৱক জোকাৰি যায় তিনিটাকৈ ভিন্ন প্ৰাবাল্যৰ ভূমিকম্পই ৷ ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়-ক্ষতি ৷

ধিং, 28 এপ্ৰিল : বুধবাৰে পুৱাৰ ভাগত ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৱ জোকাৰি যায় তিনিটাকৈ ভিন্ন প্ৰাবল্যৰ ভূমিকম্পই ৷ এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ট পৰিমাণে ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ শোণিতপুৰ জিলাৰ ঘিলাধাৰী চৰৰ ভূমিত দীঘলীয়া গাতৰ সৃষ্টি হৈছে । ইপিনে ধিঙৰ ৰজাবাৰীতো ভূমি ফাঁট মেলাৰ দৃশ্য পোহৰলৈ আহিছে ।

ভূমিকম্পৰ ফলত ধিঙত বিস্তৰ ক্ষতিসাধন

ধিঙৰ ডুমডুমীয়া, ৰজাবাৰী, জৰামাৰী, খৈৰামাৰী, মাটখোলা আৰু ধিং টাউনকে ধৰি ধিঙৰ বিভিন্ন অঞ্চলৰ বহুকেইটা পকী বাসগৃহৰ লগতে ভূমিতো তীব্ৰ ফাঁট মেলিছে । ধিঙৰ মাটখোলাত ভূমিকম্পৰ ফলত এটি পশুধনৰো মৃত্যু হৈছে । ইফালে নগাঁও-ধিং গড়কাপ্তানি পথৰ গৰৈমাৰী দলংত বৃহৎ ফাঁট মেলিছে ।

লগতে পঢ়ক :ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.