ETV Bharat / state

Maj Bob Khathing Birth Anniversary : মেজৰ বব খাথিঙক শ্ৰদ্ধাঞ্জলি অসম ৰাইফলছৰ

author img

By

Published : Mar 1, 2023, 12:05 PM IST

ইম্ফলত উত্তৰ-পূবৰ কিংবদন্তি বীৰ মেজৰ বব খাথিঙৰ ১১১ সংখ্যক জন্মজয়ন্তী পালন । এই উপলক্ষে অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে এইগৰাকী বীৰ পুৰুষক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Assam Rifles paid homage to Maj Bob Khathing) ।

Tezpur
Tezpur

তেজপুৰ, ১ মাৰ্চ : মঙলবাৰে মণিপুৰৰ ইম্ফলত উত্তৰ-পূৰ্বাঞ্চলৰ আইকনিক ব্যক্তি পদ্মশ্ৰী, এম চি, এম বি ই মেজৰ বব খাথিঙৰ ১১১ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয় (Major Bob Khathing 111th birth anniversary) । এইগৰাকী বীৰ পুৰুষৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি মঙলবাৰে ইম্ফলত তেওঁৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তিও উন্মোচন কৰা হয় । এই উপলক্ষে অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰ (Assam Rifles DG Lt Gen PC Nair), পি ভি এছ এম, এ ভি এছ এম, ৱাই এছ এম, পি এইচ ডি, অসম ৰাইফলছৰ লগতে মেজৰ জেনেৰেল ৰাজন শ্বৰাৱত, ভি এছ এম, আই জি অসম ৰাইফলছৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Assam Rifles paid homage to Maj Bob Khathing) ।

অনুষ্ঠানত মেজৰ বব খাথিঙৰ পুত্ৰ জন খাটিঙৰ লগতে সামৰিক আৰু অসামৰিক উভয়ৰে অন্যান্য গুৰুত্বপূৰ্ণ ব্যক্তিসকল উপস্থিত থাকে (Major Bob Khathing birth anniversary in Imphal) । উল্লেখ্য, পদমশ্ৰী, এম চি, এম বি ই মেজৰ বব খাথিং আছিল উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী কিংবদন্তি ব্যক্তি । দ্বিতীয় বিশ্বযুদ্ধৰ (second world war) সময়ত তেওঁ বিখ্যাত ভি ফ'ৰ্চৰ সৈতে সেৱা আগবঢ়াইছিল আৰু তেওঁৰ বীৰত্বৰ বাবে মিলিটাৰী ক্ৰছ আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ সদস্য (এম বি ই) বঁটা লাভ কৰিছিল । আনহাতে, ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পৰ সময়ত অসমত দায়বদ্ধতাৰে সেৱা প্ৰদানৰ উপৰি মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ছিকিমৰ সংক্ৰমণকালত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ লগত মেজৰ খাথিঙৰ নামৰ বিশেষ প্ৰাসংগিকতা আছে ।

তেওঁ পূৰ্বৰ নেফাৰ সহকাৰী ৰাজনৈতিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৫১ চনত টাৱাঙত ভাৰতীয় ত্ৰিৰঙ্গ পতাকা উন্মোচন কৰা প্ৰথমজন সেনা বিষয়া আছিল মেজৰ খাথিং । উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তেওঁৰ অপৰিসীম অৱদানৰ বাবে তেওঁক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে ১৯৫৭ চনত পদ্মশ্ৰী উপাধি প্ৰদান কৰে । আনহাতে, অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে তেওঁৰ ভাষণত কয় যে পূৰ্বৰ নেফাত মেজৰ বব খাথিঙৰ মূল্যৱান অৱদান আৰু উত্তৰ-পূব ভাৰতৰ শান্তি আৰু নিৰাপত্তাৰ দিশত তেওঁৰ সামগ্ৰিক অৱদানৰ কথা স্মৰণ কৰে । তেওঁ নায়কজনৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে যিসকলে সজীৱ আৰু চিৰ উন্নয়নশীল উত্তৰ-পূবক গঢ় দিয়াত সহায় কৰিছিল তেওঁলোকৰ অৱদানক স্মৰণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত দশম আৰু দ্বাদশ বোৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰা টাংখুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে খাথিং পৰিয়ালৰ পৰাও এক সম্বৰ্ধনা অনুষ্ঠানত নগদ ধনৰ লগতে প্ৰমাণ-পত্ৰও বিতৰণ কৰা হয় । এই অনুষ্ঠানৰ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বঁটা লাভ কৰে ।

লগতে পঢ়ক :Guwahati Double Murder Case : মাতৃ-পুত্ৰৰ মৃতদেহ বিচাৰি আৰক্ষী থানাত পৰিয়ালৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.