Violence Hit Manipur : মণিপুৰত নিয়োজিত সেনাৰ সংখ্য বৃদ্ধি; সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান

author img

By

Published : May 27, 2023, 1:21 PM IST

Violence Hit Manipur

ভাৰতীয় সেনাই মণিপুৰত নিয়োজিত সেনা জোৱানৰ সংখ্যা বৃদ্ধি কৰিছে (Army enhances deployment in Manipur) । আনহাতে, মণিপুৰত নতুনকৈ হিংসা বিয়পিৰ পৰা অঞ্চলবোৰত সশস্ত্ৰ লোকসকলক আটক কৰিবলৈ চোৰাংচোৱা অভিযান তীব্ৰ কৰি তুলিছে ।

তেজপুৰ, ২৭ মে' : ভাৰতীয় সেনাবাহিনীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে (defence spokesperson Lt Col Mahendra Rawat) জনাইছে যে হিংসাজৰ্জৰ মণিপুৰত সেনা জোৱানৰ সংখ্যা বৃদ্ধি কৰা হৈছে (Army enhances deployment in Manipur) । লগতে নতুনকৈ হিংসাৰ কবলত পৰা অঞ্চলবোৰত দুষ্কৃতিকাৰীক আটক কৰিবলৈ চোৰাংচোৱা অভিযান তীব্ৰ কৰি তুলিছে । তেওঁ কয় যে শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ পিছত সেনা আৰু অসম ৰাইফলছে বিপদৰ আশংকা থকা অঞ্চলবোৰৰ লগতে সমগ্ৰ ইম্ফল উপত্যকাতে ব্যাপক যৌথ অভিযান আৰম্ভ কৰিছে (operation against armed personnel in Manipur) । ইয়াৰ অংশ হিচাপে সেনা আৰু অসম ৰাইফলছে মণিপুৰত শনিবাৰে পুৱাৰে পৰা কাংচুক, মটবুং, চাইকুল, পুখাও চাগোলমাং অঞ্চলত অভিযান তীব্ৰ কৰি তুলিছে । লগতে অঞ্চলবোৰত সক্ৰিয় হৈ থকা যিকোনো সশস্ত্ৰ বিদ্ৰোহীক বিচাৰি উলিওৱাৰ বাবে একাধিক অভিযান আৰম্ভ কৰিছে ।

মণিপুৰত শান্তি-শৃংখলা অটুট ৰখা আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সেনা আৰু অসম ৰাইফলছে (Assam Rifles in Manipur) চলাই থকা সামগ্ৰিক প্ৰচেষ্টাৰ অংশ হৈছে এই অভিযান । সেনাৰ জোৱানসকলে অৰণ্যময় পাহাৰীয়া অঞ্চলবোৰত চলাই থকা অভিযানৰ সময়ত শেহতীয়া প্ৰযুক্তিৰ অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সা-সৰঞ্জাম ব্যৱহাৰ কৰি থকা বুলিও তেওঁ কয় । আনহাতে, শুকুৰবাৰে নিশা সেনা আৰু অসম ৰাইফলছে চলাই থকা নিৰন্তৰ পদক্ষেপৰ বাবেই চুৰাচান্দপুৰ আৰু ইম্ফল পূব জিলাৰ এখনকৈ গাঁৱত ৰক্তক্ষয়ী সংঘাত সফলতাৰে প্ৰতিৰোধ কৰে (Manipur violence) ।

ইফালে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (Manipur CM N Biren Singh) শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰে ৩৮ টা বিশেষ স্থানত অৰ্ধসামৰিক বাহিনীকে ধৰি অতিৰিক্ত সৈন্য মোতায়েন কৰিছে । আনহাতে, শুকুৰবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা মণিপুৰৰ ভাৰপ্ৰাপ্ত বিজেপি নেতা ডঃ সম্বিত পাত্ৰৰ সৈতে ইম্ফলৰ ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰে ।

মণিপুৰ ভ্ৰমণত থকা মন্ত্ৰীগৰাকীয়ে দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত এই হিংসাত্মক সংঘৰ্ষৰ ফলত প্ৰাণহানি হোৱা আৰু বৃহৎ পৰিমাণৰ সম্পত্তিৰ ধ্বংসযজ্ঞৰ পিছৰ পৰিস্থিতিৰ বুজ লয় । লগতে ৰাজ্যখনত শান্তি-শৃংখলা আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে সম্ভৱ সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ বাবে ৰাজ্যপালক আশ্বাস দিয়ে । বৈঠকত ৰাজ্যখনত যিকোনো হিংসাত্মক আৰু অপ্ৰীতিকৰ ঘটনা নিয়ন্ত্ৰণ, প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয় ।

লগতে পঢ়ক :Manipur violence update: মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.