Manipur violence update: মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ

author img

By

Published : May 27, 2023, 12:30 AM IST

manipur violence

মণিপুৰত বৰ্তমানেও সম্পূৰ্ণ শান্ত হোৱা নাই পৰিস্থিতি । অচিৰেই মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে শুকুৰবাৰে ৰাজ্যখন ভ্ৰমণ কৰি ৰাজ্যপালক সাক্ষাৎ কৰে (Manipur violence update)।

তেজপুৰ,27 মে': শুকুৰবাৰে ইম্ফলৰ ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা মণিপুৰৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী ডঃ সম্বিত পাত্ৰই (Manipur violence update) ।

যোৱা ৩ মে’ত দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিচত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত বুজ ল’বলৈ মণিপুৰ ভ্ৰমণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে । মণিপুৰৰ ৰাজ্যপালক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দি ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাত কেন্দ্ৰই ব্যৱস্থা লব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (MHA state visits Manipur)।

Manipur violence update
মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ

বৃহস্পতিবাৰে নিশা পূব ইম্ফলত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰ কে ইৰাণিয়ান সিঙৰ ঘৰত উত্তেজিত জনসাধাৰণে আক্ৰমণ কৰাৰ পিচতে এই বৈঠক অনুষ্ঠিত হয় (Tension grips Manipur) ৷

বৈঠকত ৰাজ্যখনৰ যিকোনো হিংসাত্মক আৰু অশান্তিকৰ কাৰ্য ৰোধ কৰিবলৈ তথা পৰিস্থিতি নিয়ন্ত্ৰণ আৰু নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় । ইফালে ইম্ফলৰ তিনিখন মহিলা বজাৰ (ইমা কিথেলছ)ৰ প্ৰতিনিধি শান্তি দেৱীৰ লগতে আন ৮ গৰাকীয়ে শুকুৰবাৰে ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰি মণিপুৰৰ শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় (Manipur violence updates)।

ৰাজ্যখনত বিৰাজ কৰা উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ মহিলা প্ৰতিনিধিৰ দলটোৱে দুখ প্ৰকাশ কৰি ৰাজ্যপালক শান্তি আৰু সম্প্ৰীতি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । পৃথক প্ৰশাসনৰ দাবীত চলা আন্দোলন ৰাজ্যবাসীৰ বাবে ভূ-খণ্ডৰ অখণ্ডতা আৰু ঐক্যৰ বিৰোধী বুলি উল্লেখ কৰে তেওঁলোকে (Manipur latest news) ।

Manipur violence update
মণিপুৰৰ ৰাজ্যপালৰ সৈতে মহিলা নেত্ৰীৰ বৈঠক

মণিপুৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ণ কৰাৰ বাবে এন আৰ চি কাৰ্যকৰী কৰিবলৈ ৰাজ্যপালক আহ্বান জনায় দলটোৱে । লগতে SoO গোটসমূহক নিজৰ নিৰ্দিষ্ট শিবিৰত আৱদ্ধ কৰি ৰখাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া সৰবৰাহৰ বাবে ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথত অৰ্থনৈতিক অৱৰোধ উঠাই লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যপালক তেওঁলোকে অনুৰোধ জনায় (Manipur Governor on violence)।

মণিপুৰত শান্তি আৰু স্বাভাৱিক অৱস্থাৰ পুনৰুদ্ধাৰৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰতিনিধিসকলক আশ্বাস দিয়ে ৰাজ্যপালে । ৰাজ্যপালগৰাকীয়ে দলটোক অৱগত কৰে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব আৰু তেওঁ পৰিস্থিতিৰ মূল্যায়ন কৰিব । শান্তি ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হ’ব । ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ বাবে লোৱা পদক্ষেপত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে প্ৰতিনিধিসকলক আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে ।

লগতে পঢ়ক: Violation hit Manipur : মণিপুৰৰ 38 টা স্পৰ্শকাতৰ এলেকাত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.