পূৱ ইম্ফলত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ

author img

By

Published : Oct 20, 2021, 11:17 AM IST

arms-and-ammunition-recovered-in-imphal-east-of-manipur

মণিপুৰ আৰক্ষী(Manipur Police) আৰু আছাম ৰাইফলছৰ মহা পৰিদৰ্শক(দক্ষিণ) ৰ যুটীয়া অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ ৷ মণিপুৰৰ পূৱ ইম্ফল জিলাৰ আন্দ্ৰো খিংথাক গাঁৱৰ পৰা স্পিয়াৰ কৰ্পৰ অধীনত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে সামগ্ৰীখিনি ৷

তেজপুৰ, 20 অক্টোবৰ : মণিপুৰৰ আৰক্ষী(Manipur Police)ৰ সৈতে আছাম ৰাইফলছৰ মহা পৰিদৰ্শক(দক্ষিণ) ৰ যুটীয়া অভিযান ৷ এই অভিযানত স্পিয়াৰ কৰ্পৰ অধীনত IGAR South ৰ নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ পূৱ ইম্ফল জিলাৰ আন্দ্ৰো খিংথাক গাঁৱৰ পৰা উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ ৷

arms-and-ammunition-recovered-in-imphal-east-of-manipur
পূৱ ইম্ফলত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ

এক সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্য অনুসৰি মণিপুৰ আৰক্ষীৰ সৈতে নিৰাপত্তা বাহিনীয়ে এই অভিযান আৰম্ভ কৰিছিল ৷ অভিযানত এটা AK চিৰিজৰ ৰাইফল, AK চিৰিজৰ 15 ৰাউণ্ড সজীৱ গুলী, আলোচনীসহ দুটা 9 mm পিষ্টল, 9 mm ৰ 21 ৰাউণ্ড সজীৱ গুলী, দুখন হেল্ড ৰেডিঅ’ ছেট আৰু 18 এক্স ডিট’নেটৰ উদ্ধাৰ কৰা হয় ।

পৰৱৰ্তী অনুসন্ধানৰ বাবে উদ্ধাৰকৃত সামগ্ৰীসমূহ আন্দ্ৰো থানা(Andro Police Station)ৰ আৰক্ষী বিষয়াক হস্তান্তৰ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বাইহাটা আৰক্ষীৰ জালত দুধৰ্ষ ড্ৰাগছ মাফিয়া মজনুৰ আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.