ETV Bharat / state

তৃতীয় পৰ্যায়ত তিনিখন যুদ্ধ বিমান ৰাফেলৰ ভাৰতত অৱতৰণ

author img

By

Published : Jan 28, 2021, 5:39 PM IST

another three rafale landed in IAF station
তৃতীয় পৰ্যায়ত তিনিখন যুদ্ধ বিমান ৰাফেলৰ ভাৰতত অৱতৰণ

ফ্ৰান্সৰ পৰা ৭ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ ভাৰতত অৱতৰণ কৰিলে আন তিনিখন দুৰন্ত ৰাফেল বিমান ৷ তৃতীয় পৰ্যায়ত তিনিখন ৰাফেল বুধবাৰে নিশা ভাৰতত অৱতৰণ কৰা বুলি টুইটাৰ যোগে জানিবলৈ দিছে ভাৰতীয় বায়ুসেনাই ৷

নিউজ ডেস্ক, ২৮ জানুৱাৰী : সুদূৰ ফ্ৰান্সৰ পৰা যুদ্ধ বিমান ৰাফেলৰ তৃতীয় পৰ্যায়ত তিনিখন ৰাফেল বুধবাৰে নিশা আহি ভাৰতত সুকলমে পদাৰ্পণ কৰে । ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা টুইটাৰ যোগে জনাইছে এই কথা ।

ফ্ৰান্সৰ পৰা ৭ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বুধবাৰে নিশা ভাৰতত অৱতৰণ কৰে যুদ্ধ বিমান কেইখনে । মাজ আকাশত বিমান কেইখনত ইউএইয়ে ফিউল ৰিফিলিঙ কৰাৰ পিছতে পোনে পোনে ভাৰতত অৱতৰণ কৰে ৰাফেল কেইখনে ৷

উল্লেখ্য যে, ৰাফেল যুদ্ধ বিমানৰ প্ৰথম গোট ভাৰতলৈ আহিছিল ২০২০ চনৰ ২৯ জুলাই মাহত । ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ পৰা মুঠ ৩৬ খন যুঁজাৰু বিমান ৰাফেল ক্ৰয় কৰিছিল ৫৯,০০০ কোটি টকা মূল্যত । ভাৰতীয় বায়ু সেনাই এই পৰ্যন্ত লাভ কৰিলে মুঠ ১১ খন যুদ্ধ বিমান ৰাফেল । প্ৰথম পৰ্য্যায়ত ৫ খন, দ্বিতীয় পৰ্য্যায়ত ৩ খন নৱেম্বৰ মাহত আৰু তৃতীয় পৰ্য্যায়ত পুনৰ তিনিখন জাহাজ ফ্ৰান্সৰ পৰা একেৰাহে উৰি মাজ আকাশত ইন্ধন ভৰাই ভৰাই ভাৰতৰ এখন বিশেষ বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণ কৰে ।
লগতে পঢ়ক: আম্বালাৰ বায়ুসেনা ছাউনীত ৰখা হ'ব পাঁচখনকৈ ৰাফেল বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.