ETV Bharat / state

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত তেজপুৰ সমষ্টিৰ এক পৰ্যালোচনা

author img

By

Published : Mar 29, 2021, 9:30 PM IST

প্ৰাৰ্থীত্বকেন্দ্ৰিক মতবিৰোধ তথা দলীয় খাম খেয়ালিৰ মাজেৰেই ৰাজ্যত সামৰণি পৰিল অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ 27 মাৰ্চত জনতাই তেওঁলোকৰ মত সমূহ ইভিএম (ইলেকট্ৰনিক ভোটিং মেচিন) ত বন্দী কৰে ৷ তেজপুৰত কোনটো ৰাজনৈতিক দলে প্ৰভাৱ পেলাবলৈ সক্ষম হ'ল ৰাইজৰ মনত ? এই সন্দৰ্ভত তেজপুৰ সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সবিশেষ সামৰি এক বিশেষ আলোচনা ৷

an analysis of tezpur constituency
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ তেজপুৰ সমষ্টিৰ এক পৰ্যালোচনা

তেজপুৰ, 29 মাৰ্চ: অসম বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সফলভাৱে সমাপ্তি ঘটাৰ পাছতে শাসক, বিৰোধীৰ লগতে আন আন ৰাজনৈতিক দল সমূহৰ মাজতো এই লৈ গুণা গঁথা চলা পৰিলক্ষিত হৈছে ৷ ইয়াৰ ব্যতিক্ৰম নহয়, শোণিতপুৰ জিলাৰ সন্মানীয় তেজপুৰ বিধানসভা সমষ্টি ৷

উল্লেখ্য যে, মাত্ৰ 11 দিনৰ কাৰ্যক্ৰমণিকাৰে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত 27 মাৰ্চত জনতাই তেওঁলোকৰ মত সমূহ ইভিএম (ইলেকট্ৰনিক ভোটিং মেচিন) ত বন্দী কৰে ৷ এতিয়া উত্থাপন হোৱা প্ৰশ্নটো হ'ল এইয়ে যে, কোনটো দলে সংখ্যা গৰিষ্ঠতা লাভ কৰি আগন্তুক বিধানসভালৈ নিৰ্বাচিত হ'ব ?

an analysis of tezpur constituency
27 মাৰ্চত জনতাই তেওঁলোকৰ মত সমূহ ইভিএম ত বন্দী কৰে

তেজপুৰ বিধান সভা সমষ্টিত এইবাৰ শাসকীয় দল অৰ্থাৎ বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থীত্ব পোৱাৰ পোষকতা কৰিছিল যদিও সেইয়া হৈ নুঠিল ৷ ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছ দলত প্ৰাৰ্থীত্বকেন্দ্ৰিক এক ভিতৰুৱা সংঘাত হোৱা দেখিবলৈ পোৱা গ'ল ৷ মূলতঃ দলটোৰ দীৰ্ঘদিনীয়া প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে টিকট নোপোৱাৰ পৰিপ্ৰেক্ষিততে কংগ্ৰেছৰ প্ৰতি এক প্ৰকাৰ মোহ ভংগ হোৱা দেখা পোৱা গ'ল এই নিৰ্বাচনত । ইফালে বিজেপিৰ প্ৰতি বিৰোধিতা কৰি অসমত নতুনকৈ সৃষ্টি হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও তেজপুৰত সমানে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে ৷

প্ৰথম অৱস্থাত তেজপুৰৰ ভোটাৰ ৰাইজক এক প্ৰকাৰ দুদূল্যমান অৱস্থাত দেখিবলৈ পোৱা গৈছিল ৷ শাসকীয় দল বিজেপি আৰু অগপৰ যৌথ প্ৰাৰ্থীক অগপৰ পৰা দিয়াৰ বাবেও বিজেপিৰ ভিতৰ চ’ৰাত এক প্ৰকাৰ খাম-খেয়ালিৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত সেইয়া কিছু শাম কাটিছিল । এই সকলোবোৰৰ মাজতে অগপৰ দলৰ পৰা বৰ্তমানৰ বিধায়ক বৃন্দাবন গোস্বামীক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাৰ বাবে আন এক সুকীয়া পৰিস্থিতিৰো উদ্ভৱ হয় ৷

মিত্ৰজোঁটৰ প্ৰাৰ্থী, পৃথ্বীৰাজ ৰাভাই প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছত অগপৰ দলীয় কাৰ্যালয়ৰ ভিতৰত এবাৰ প্ৰৱেশ কৰাৰ পাছত দ্বিতীয় বাৰৰ বাবে প্ৰৱেশ কৰিবলৈ দিয়া নাছিল অগপৰ একাংশ সমৰ্থকে ৷ সমান্তৰালকৈ বৃন্দাবন গোস্বামীয়ে নতুনকৈ অহা প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক সহযোগিতা আগবঢ়োৱাৰ পৰা বিৰত থাকে ।

এক ভয়ংকৰ ধৰণৰে তেজপুৰ সমষ্টিত ভোট বিভাজন আৰম্ভ হয় যদিও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 47 টা সমষ্টিৰ ভিতৰত বিজেপিৰ দলৰ পৰা মুঠ 42 টা সমষ্টি নিজৰ দখলত ৰাখিবলৈ সক্ষম হ'ব বুলি বিজেপিয়ে জানিবলৈ দিছিল ৷

উল্লেখ্য যে, আশা কৰা ধৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হেতেন তেজপুৰ সমষ্টিৰ দৰে জিলা খনৰ আৰু দুই এটা সমষ্টিত শাসকীয় দলৰ বাবে অসুবিধাৰ সৃষ্টি হ'লহেতেন । উল্লেখনীয় কথাটো হ'ল যে, শাসকীয় দলৰ দৰে আন আন দলে এই নিৰ্বাচনত প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত ন'হল । একমাত্ৰ কংগ্ৰেছ দলে নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগেই তেজপুৰ তথা উত্তৰ অসমত ৰাষ্ট্ৰীয় সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ প্ৰচাৰৰ বাদে কোনো এজন হাই প্ৰফাইল ৰাজনৈতিক নেতাই এজনো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা দেখা ন'গল ৷ তেজপুৰ সমষ্টিত এক মাত্ৰ গৌৰৱ গগৈৰ বাহিৰে কোনোৱে প্ৰচাৰ নচলোৱাত প্ৰাৰ্থী সকল এক প্ৰকাৰ অস্বস্তিত পৰাও দেখা গৈছিল । ঠিক তেনেদৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যিদৰে কানহাইয়া কুমাৰৰ দৰে লোকক নিৰ্বাচনী প্ৰচাৰত নামিছে প্ৰথম পৰ্যায়ত সেয়া হৈ উঠা নাছিল ।

এক কথাত ক'বলৈ গলে বিৰোধী দলৰ সমূহে তেজপুৰ লোকসভা সমষ্টিত যিদৰে গুৰুত্ব দিয়া প্ৰয়োজন আছিল সেয়া দেখা ন'গল ৷ তৎসত্বেও নিৰ্বাচনী যুজঁ খনত ভোটাৰে নিজেই নিজৰ বিবেকক অগ্ৰাধিকাৰ দিয়া বুলি ক'লে ভুল কৰা ন'হব । গণতন্ত্ৰত যিদৰে বিৰোধীৰ ভূমিকা ল'ব লাগে সেয়া বিগত সময়চোৱাত চৰকাৰ খনৰ ক্ষেত্ৰত দেখা পোৱা নাছিল ৰাইজে ৷

-প্ৰণৱ কুমাৰ দাস

লগতে পঢ়ক: বঢ়মপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.