যোগান বিভাগৰ আজৱ কাণ্ড; পঞ্জীয়নহীন গৰাকীৰ নামতো লাভ সুলভ মূল্যৰ চাউল

author img

By

Published : Sep 14, 2021, 7:16 PM IST

alligance of controlar goods seller at tezpur

তেজপুৰৰ পাঁচমাইল গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চল সমূহত বাস্তৱত সুলভ মূল্যৰ দোকান নোহোৱাকৈয়ে ব্যৱসায় চলাই গৈছে সুলভ মূল্যৰ সামগ্ৰীৰ এজন এজেণ্টে ৷ এই অভিযোগ তৰিছে অঞ্চলটোৰ একাংশ ভুক্তভোগীয়ে ৷

তেজপুৰ,14 ছেপ্টেম্বৰ : তেজপুৰৰ পাঁচমাইল গাঁৱত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ সুলভ মূল্যৰ দোকান নোহোৱাকৈয়ে ব্যৱসায় চলাই গৈছে সুলভ মূল্যৰ সামগ্ৰীৰ এজন এজেণ্টে ৷ নিজা বাস ভৱনতে গুডাম সাঁজি কৰি গৈছে ব্যৱসায় ৷ সুলভ মূল্যৰ সামগ্ৰীৰ এজেন্ট আব্দুল মুন্নাচ নামৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷

পঞ্জীয়ণহীন গৰাকীৰ নামতো লাভ সুলভ মূল্যৰ চাউল

অঞ্চলবাসীৰ অভিযোগ, ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ ৰহস্যজনক দুৰ্বলতাৰ বাবেই বিনা দিধাই এই ব্যৱসায় কৰি যাবলৈ সক্ষম হৈছে অভিযোক্ত আব্দুল মুন্নাচে ৷ আনকি চৰকাৰী হিচাপত হিতাধীকাৰীয়ো পাবলগীয়া চাউলৰ প্ৰায় আধা অংশহে হিতাধীকাৰীয়ে লাভ কৰে ৷ এই বিষয়ে হিতাধীকাৰীয়ে প্ৰশ্ন উত্থাপন কৰিলে বিভিন্ন বিভিন্ন অজুহাত দেখুৱাই বুলি অভিযোগ উত্থাপন হৈছে অভিযোক্ত আব্দুল মুন্নাচৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

ইফালে চৰকাৰে মাহত দুৱাৰকৈ সুলভ মূল্যৰ চাউল প্ৰদান কৰে হিতাধীকাৰীক ৷ কিন্তু চৰকাৰী সেই চাউল এবাৰহে লাভ কৰে হিতাধিকাৰীয়ে ৷ ৰাইজৰ অভিযোগ, চৰকাৰী এই চাউলৰ বাকী অংশ আত্মসাৎ কৰে অভিযুক্ত আব্দুল মুন্নাচে ৷ ক্ষুব্ধ ৰাইজে উপায়ন্তৰ হৈ তথ্য জনাৰ অধিকাৰ আইনৰ কাষ চাপে ৷ এই আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি, অঞ্চলটোত আছে মুঠ 1346 জন হিতাধিকাৰী ৷

লগতে পঢ়ক: মই তোমাক Topper বনাই দিম...

কিন্তু আশ্চৰ্যকৰ বিষয় যে, ইয়াৰে ভিতৰত প্ৰায় দুশ জনেই ভুৱা ৷ স্থানীয় একাংশ লোকে এই সন্দৰ্ভত কয় যে, ভুৱা তথ্য লাভ কৰা হিতাধীকাৰীৰ কাৰোবাৰ যদি মহিলাৰ নামৰ লগত তেওঁৰ স্বামীৰ নাম নিমিলে নতুবা কোনো লোকৰ আকৌ ঠিকনাই ভুৱা ৷ আনকি অভিযোগ অনুসৰি, অস্তিত্বহীন অঞ্চলৰ নাম ব্যৱহাৰ কৰিও কোনো কাৰ্ডৰ গৰাকীৰ ঠিকনা উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আছু আৰু ABVP ৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.