ETV Bharat / state

144 imposed in Sonitpur: আগন্তুক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাত 144 ধাৰা জাৰি

author img

By

Published : Mar 1, 2023, 9:12 PM IST

144 imposed in Sonitpur
আগন্তুক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাত 144 ধাৰা জাৰি

শোণিতপুৰ জিলাত 144 ধাৰা জাৰি ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়ত বাহাল থাকিব এই ধাৰা ৷ পৰীক্ষাকেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধলৈকে অন্যলোকৰ প্ৰৱেশ নিষেধ ৷

তেজপুৰ, 1 মাৰ্চ: 3 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা ( HSLC and High Madrasah exam) ৷ অহা 20 মাৰ্চলৈকে অনুষ্ঠিত হ’ব এই পৰীক্ষা ৷ সেয়েহে, সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ সমান্তৰালভাৱে অনু​ষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত জাৰি কৰা হৈছে 144 ধাৰা (144 imposed in Sonitpur) ৷

জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰসহ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল, পৰীক্ষাৰ সৈতে সম্পৰ্কীত পৰ্যবেক্ষক, কৰ্মচাৰী আৰু নিৰীক্ষণ দল, আইন-শৃংখলা তথা অত্যাৱশ্যকীয় সেৱা আদি কাৰ্যত জড়িত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ব্যতিৰেকে অন্য লোকৰ উপস্থিতিত বাধা আৰোপ কৰা হৈছে (Sonitpur district administration regulation for HSLC Exam) ৷

ইয়াৰ উপৰিও, পৰীক্ষাৰ সময়চোৱাত পৰীক্ষাৰ লগত জড়িত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা 50 মিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত কোনো বাহন পাৰ্কিং তথা চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । লগতে পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন, কেলকুলেটৰ আৰু আন যিকোনো যোগাযোগৰ সঁজুলি যেনে ব্লু-টুথ আদি লগত আনিব নোৱাৰিব । ইয়াৰোপৰি পৰীক্ষা কেন্দ্ৰ সমূহৰ 50 মিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত কোনো খাদ্যৰ বিপণি, দোকান খোলাৰ অনুমতি দিয়া নহ’ব ।

লগতে পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক-কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিক পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ নিৰ্ধাৰিত আসন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ এই নিৰ্দেশনা পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰদৰ্শিত হ'ব লাগিব আৰু এই নিষেধাজ্ঞা সমগ্ৰ শোণিতপুৰ জিলাত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব ৷

শান্তিপূৰ্ণভাৱে এই পৰীক্ষা অনুষ্ঠিত কৰা কথা লক্ষ্য ৰাখিয়েই শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই তৎপৰতা ৷ উল্লেখ্য যে, শেহতীয়াতকৈ শোণিতপুৰ জিলাত ফাদিল হৈছিল নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ৷ যাৰবাবে অধিক কঠোৰ হৈছে শোণিতপুৰ জিলা প্ৰশাসন ৷

লগতে পঢ়ক: Zubeen controversy: বিতৰ্কত জুবিন; মদ্যপান কৰি গীত পৰিৱেশন নকৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.