ETV Bharat / state

আমগুৰিৰ সমাজসেৱক নৰেন কলিতাৰ দেহাৱসান

author img

By

Published : May 19, 2021, 12:20 PM IST

মঙলবাৰে স্ব-গৃহত আমগুৰি নগৰ মণ্ডলৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজসেৱক তথা পেঙেৰা মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নৰেন কলিতাৰ ইহলীলা সম্বৰণ । তেওঁৰ এই মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ।

WARD COMMISSIONER DEAD AT AMGURI
আমগুৰিৰ বিশিষ্ট সমাজ সেৱক নৰেণ কলিতাৰ দেহাৱসান

আমগুৰি,19 মে': আমগুৰি পৌৰসভাৰ ২নং ৱাৰ্ড নিবাসী তথা ৱাৰ্ড কমিছনাৰ, ভাৰতীয় জনতা পাৰ্টীৰ আমগুৰি নগৰ মণ্ডলৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজ সেৱক তথা পেঙেৰা মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নৰেন কলিতাৰ দেহাৱসান । মঙলবাৰে বিয়লি ৩.৫০ বজাত স্ব-গৃহত শেষ নিশ্বাস ত্যাগ কৰে সমাজ সেৱকগৰাকীয়ে ।

WARD COMMISSIONER DEAD AT AMGURI
আমগুৰিৰ বিশিষ্ট সমাজ সেৱক নৰেণ কলিতাৰ দেহাৱসান

সমাজ সেৱকগৰাকীৰ মৃত্যুত আমগুৰি শাখা কুমাৰ সন্মিলন, আমগুৰি ভাগৱত সমাজ, পেঙেৰা ৰাস উৎসৱ সমিতি, কুমাৰ গাঁও প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, আমগুৰি পৌৰসভা, পেঙেৰা মজলীয়া বিদ্যালয়ৰ শিক্ষক গোট আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে ।

লগতে পঢ়ক: ৰূপহীহাটত কেৰালাৰ গাড়ীচালক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.