ETV Bharat / state

Vekulir Biya at Amguri : অভিষেক-পৰিণীতাৰ বিয়া; আনন্দত মতলীয়া আমগুৰিৰ বালিপথাৰবাসী

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 1:42 PM IST

আমগুৰিৰ অভিষেক-পৰিণীতাৰ বিয়া ৷ অভিষেক-পৰিণীতাৰ বিয়াক লৈ সৰ্বত্ৰে চৰ্চা ৷ কিয় চৰ্চা আছে এই বিয়াখন ৷ সবিশেষ এই বাতৰিত ৷

Vekulir Biya at Amguri
আমগুৰিৰ অভিষেক-পৰিণীতাৰ বিয়া

আমগুৰিৰ অভিষেক-পৰিণীতাৰ বিয়া

আমগুৰি, ২৩ ছেপ্টেম্বৰ : আমগুৰিত এখন বিশেষ বিয়া । উদুলি-মুদুলি বিয়াঘৰৰ পৰিৱেশ । আলহী, মিতিৰ-কুটুমৰ মানুহে বিয়া ঘৰত বিৰ দি বাট নোপোৱা অৱস্থা । সকলোৰে মুখত হাঁহি ৷ কোনো যদি নাচিছে, কোনোৱে আকৌ অতিথি আপ্যায়নত ব্যস্ত ৷

মুঠৰ ওপৰত কাৰোৰে যেন আহৰি নাই ৷ নহ’বই বা কিয় ৷ কিয়নো আজি আমগুৰিৰ অভিষেক-পৰিণীতা বিবাহ পাশত আৱদ্ধ হৈছে ৷ আনকি যথা সময়ত এখন বিশেষ বাহনত উঠি কইনাৰ চোতালত উপস্থিত হ’ল দৰা অভিষেক ৷ দৰাক আদৰাত ব্যস্ত কইনা ঘৰৰ লোক ৷ ইফালে দৰা অহাৰ উমান পাই কইনাৰ সাজত বহি থকা পৰিণীতাৰ মন হৈছে উগুল-থুগুল ৷

অ’ ৰ’ৱ ৷ আমি উল্লেখ কৰা অভিষেক-পৰিণীতা হৈছে এহাল ভেকুলী ৷ আমগুৰিৰ বালিপথাৰত সম্পন্ন হৈছে এই ভেকুলীৰ বিয়াখন । অসমৰ গ্ৰামাঞ্চলত বিশ্বাসৰ ভেঁটিত প্ৰতিষ্ঠিত এই ভেকুলীৰ বিয়া । যোৱা কেইমাহ ধৰি বৰষুণ হোৱা নাই অসমৰ ভিন্ন প্ৰান্তত ৷

পানীৰ অভাৱত শুকাই গৈছে গছ-গছনি ৷ মাটিত মেলিছে চিৰাল ফাঁট ৷ অসন্তুষ্ট হৈ উঠিছিল বৰুণ দেৱতা ৷ ফলত বিমূৰত পৰিছে কৃষিজীৱি চহা লোকসকল ৷ সেয়ে বৰুণ দেৱতাক তুষ্ট কৰিবৰ কাৰণেই অসমৰ গ্ৰামাঞ্চলত প্ৰচলিত হৈ আহিছে ভেকুলিৰ বিয়া । আমগুৰিৰ বালিপথাৰত কৃষিজীৱি লোকসকলে ভেকুলিৰ বিয়া পাতি বিগত তিনি দিনে কৰিছে বৰুণ দেৱতাক স্মৰণ । ভেকুলীৰ দৰা আৰু কইনাক যথা ৰীতি নিয়ম-নীতিৰে মূৰত তেল-সেন্দুৰ দি আনন্দ ফুৰ্টি কৰে ।

ৰাইজৰ বিশ্বাস, বৰুণ দেৱতা সন্তুষ্ট হ’লে ধৰালৈ আহিব বৰষুণ । আকৌ জীপাল হ’ব ধৰিত্ৰী । পথাৰে চন্দ পাব । আকৌ সজল-সতেজ হৈ উঠিব কৃষকৰ আপোন খেতি ডৰা ৷

লগতে পঢ়ক : Karam Puja as govt holiday : 25 ছেপ্টেম্বৰত পেইড হলিডে’ ঘোষণা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.