ETV Bharat / state

হালোৱাটিঙত আজিও ব্যৱহাৰৰ উপযোগী হৈ নুঠিল ৰংগমঞ্চ

author img

By

Published : Mar 17, 2021, 1:18 PM IST

বৰবাম চাহ বাগিচাৰ অধীনস্থ হালোৱাটিং চাহ বাগিচাত ২০১৯ চনত মুক্তিযোদ্ধা মালতী ওৰাং ৰংগমঞ্চৰ আধাৰশিলাৰ শুভাৰম্ভণি কৰা হৈছিল যদিও আজিও ব্যৱহাৰৰ উপযোগী হৈ নুঠিল ৰংগমঞ্চ ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷

হালোৱাটিঙত আজিও ব্যৱহাৰৰ উপযোগী হৈ নুঠিল ৰংগমঞ্চ
হালোৱাটিঙত আজিও ব্যৱহাৰৰ উপযোগী হৈ নুঠিল ৰংগমঞ্চ

আমগুৰি,১৭ মাৰ্চ: হালোৱাটিঙত আজিও ব্যৱহাৰৰ উপযোগী হৈ নুঠিল ৰংগমঞ্চ ৷ বৰবাম চাহ বাগিচাৰ অধীনস্থ হালোৱাটিং চাহ বাগিচাত ২০১৯ চনত মুক্তিযোদ্ধা মালতী ওৰাং ৰংগমঞ্চৰ আধাৰশিলাৰ শুভাৰম্ভণি কৰা হৈছিল ৷ অসম চৰকাৰৰ গৃহ নিৰ্মাণ পুঁজিৰে চাহ জনজাতীয় জন কল্যাণ আঁচনিৰ অধীনত নিৰ্মিত হোৱা ৰংগমঞ্চটো কিন্তু যোৱা দুটা বছৰেও মুকলি নহল ৷ যাৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই কাৰ্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

হালোৱাটিঙত আজিও ব্যৱহাৰৰ উপযোগী হৈ নুঠিল ৰংগমঞ্চ

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চাহ জনজাতিটোক সাংস্কৃতিক দিশ উত্তৰণৰ নামত প্ৰতাৰণা কৰা আৰু মুক্তিযোদ্ধা মালতী ওৰাঙক অৱজ্ঞা কৰা হৈছে । বহু লক্ষাধিক টকাৰে নিৰ্মিত ৰংগমঞ্চটোৰ আধৰুৱা কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: ভাৰত বায়'টেকৰ নাসিকাত দিয়া টিকা সন্দৰ্ভত কিছু তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.