ETV Bharat / state

চিকিৎসালয়ৰ চৌহদৰ পৰাই কোনে আৰু কেনেকৈ কাটি নিলে গছ !!

author img

By

Published : Oct 26, 2019, 10:51 AM IST

আমগুৰি পশু চিকিৎসালয়ৰ চাৰিসীমাৰ ভিতৰত থকা দুডাল ইউকেলিপ্টাছ গছ পকী বাউণ্ডেৰী দিয়াৰ নামত কাটি পেলোৱা হয় । ইমানেই নহয় বিভিন্ন পক্ষক মেনেজ কৰি দুষ্ট চক্ৰই গছৰ কুণ্ডা লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে উক্ত ঘটনাটোৰ লগত জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।

আমগুৰিত দুষ্ট ছক্ৰই কাটি নিলে চিকিৎসালয়ৰ গছ, উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

আমগুৰি ২৬ অক্টোবৰ: শিৱসাগৰ জিলাৰ আমগুৰি পশু চিকিৎসালয়ত নীতি বৰ্হিভূতভাৱে দুজোপাকৈ মূল্যৱান গছ কটাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলত । বিভিন্ন পক্ষক মেনেজ কৰি গছৰ কুণ্ডা লৈ যোৱাৰ অভিযোগ ৰাইজৰ ।

জানিব পৰা মতে, আমগুৰি পশু চিকিৎসালয়ৰ চাৰিসীমাৰ ভিতৰত থকা দুডাল ইউকেলিপ্টাছ গছ পকী বাউণ্ডেৰী দিয়াৰ নামত কাটি পেলোৱা হৈছিল । কিন্তু অসাধু ব্যৱসায়ীয়ে বন বিভাগৰ কোনো নীতি-নিয়ম নামানি গছ দুজোপা কাটি বন বিভাগক চমজাই দিয়াৰ পৰিৱৰ্তে বিভিন্ন পক্ষক মেনেজ কৰি গছৰ কুণ্ডা লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

আমগুৰিত দুষ্ট ছক্ৰই কাটি নিলে চিকিৎসালয়ৰ গছ, উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

উল্লেখ্য যে, আমগুৰি নগৰৰ মাজমজিয়াতে আমগুৰি বন বিভাগৰ কাৰ্যালয় থকাৰ পিছতো দুষ্ট চক্ৰই কেনেদৰে গছ দুজোপা কাটি নিবলৈ পালে তাক লৈ এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । অতি শীঘ্ৰে উক্ত ঘটনাটোৰ লগত জড়িত লোকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।

Intro:Body:আমগুৰি ২৬ অক্টোবৰ:

আমগুৰি পশু চিকিৎসালয়ত নীতি বৰ্হিভূতভাৱে দুজোপাকৈ বৃহৎ গছ কটাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া

আমগুৰি বন বিভাগৰ কোনো নীতি-নিয়ম নামানি বন ধ্বংসকাৰী ব্যৱসায়ীয়ে গছ দুজোপা কাটি বন বিভাগক চমজাই দিয়াৰ পৰিৱৰ্তে গছ লৈ পলায়ণ কৰা কাৰ্যই আমগুৰিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আমগুৰি পশু চিকিৎসালয়ৰ চাৰিসীমাৰ ভিতৰত থকা দুডাল ইউকেলিপ্টাছ গছ পকী বাউণ্ডেৰী দিয়াৰ নামত কাটি পেলায়।

আমগুৰি পশু চিকিৎসালয়ৰ দৰে এক ৰাজহুৱা সম্পত্তিৰ দুডালকৈ বৃহৎ গছ বিভাগীয় নিয়ম অবিহনে অসাধু বন ধ্বংসকাৰী ব্যৱসায়ীয়ে মুনাফা লাভৰ অংকত বিভিন্ন পক্ষক মেনেজ কৰি গছৰ কুণ্ডা লৈ উধাও হোৱা কাৰ্যই তাৎপৰ্য বহন কৰিছে।

আমগুৰি নগৰৰ মাজমজিয়াতে আমগুৰি বন বিভাগটো থকাৰ পিছতো ৰাজহুৱা অনুষ্ঠানত থকা দুডালকৈ বৃহৎ গছ নিবিদা অবিহনে অথবা বন বিভাগৰ হস্তক্ষেপ অবিহনে কেনেদৰে কাটি নিবলৈ পালে ৰহস্যজনক হিচাপে বিৱেচিত হৈছে।


অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।

সমীৰণ দুৱৰা আমগুৰি
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.