শিৱসাগৰ নগৰৰ পৰা সন্ধানহীন দুই শিশু

author img

By

Published : Jun 20, 2022, 4:32 PM IST

two-children-missing-from-sivasagar

শিৱসাগৰত সন্ধানহীন দুই শিশু (Two children missing from Sivasagar) ৷ শিৱসাগৰ নগৰৰ ৰেলৱে ষ্টেচনৰ পৰা দুটি শিশু নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিৱেশ (Two children missing from Sivasagar railway station) ৷ সন্ধানহীন হোৱা শিশু দুটাৰ নাম ক্ৰমে লুহিত ভূঞা আৰু চিতান্ত গগৈ ৷ পৰিয়ালৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি, ১৬ জুন বৃহস্পতিবাৰৰ পৰা দুই শিশু নিৰুদ্দেশ হৈ আছে ।কোনো লোকে শিশু দুটিৰ সন্ধান পালে ওচৰৰ আৰক্ষীক চমজাই দিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।

শিৱসাগৰ 20, জুন: শিৱসাগৰত সন্ধানহীন দুই শিশু (Missing two children from Sivasagar) ৷ শিৱসাগৰ নগৰৰ ৰেলৱে ষ্টেচনৰ পৰা দুটি শিশু নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিৱেশ (Two children missing from Sivasagar railway station) ৷ সন্ধানহীন হোৱা শিশু দুটাৰ নাম ক্ৰমে লোহিত ভূঞা আৰু চিতান্ত গগৈ ৷ পৰিয়ালৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি ১৬ জুনৰ পৰা দুই শিশু নিৰুদ্দেশ হৈ আছে । বিয়লি নগৰৰ ৰেলৱে ষ্টেচনলৈ ওলাই গৈছিল লোহিত আৰু চিতান্ত নামৰ শিশু দুটি ।

সেই সময়ত ৰেলৱে ষ্টেচনত উজনিমুৱা বেংগালুৰু এক্সপ্ৰেছ ট্ৰেইনখন কিছু সময় ৰৈ যোৱাৰ পিছতে আজি পৰ্যন্ত শিশু দুটা সন্ধানহীন হৈ আছে । ১৩ নং ৱাৰ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ লোহিত ভূঞাৰ বয়স ৮ বছৰ আৰু চিতান্ত গগৈৰ বয়স ৭ বছৰ বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে বহু স্থানত বিচাৰ-খোচাৰ কৰিও শিশু দুটাৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ উপায়ন্তৰ হৈ দেওবাৰে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ।

ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ এটা দল আহি শিৱসাগৰ ৰেলৱে ষ্টেচনত উপস্থিত হৈ চিচি কেমেৰা নিৰীক্ষণ কৰি শিশু দুটা উদ্ধাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ কোনো লোকে শিশু দুটিৰ সন্ধান পালে ওচৰৰ আৰক্ষীক চমজাই দিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক : ৰঙিয়াত সন্ধানহীন দুই যুৱকক বিচাৰি অভিযানত নামিল ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.