স্বভাৱ বেয়া দেৱেশ্বৰ গাঁওবুঢ়াৰ...

author img

By

Published : Sep 16, 2021, 10:53 PM IST

sss

স্বভাৱ বেয়া গাঁওবুঢ়াৰ । পিছফালৰপৰা টিকাত চিকুট মাৰে অকলশৰীয়া মহিলাক । ডিমাণ্ড কৰে টকা পইচা । আমগুৰিত সংঘটিত হৈছে এই ঘটনা ।

আমগুৰি,16 ছেপ্তেম্বৰ: কি যে হ’ব ধৰিছে দিন কাল ৷ বিশ্বাস কৰিবলৈ টান হৈ পৰিছে মানুহক ৷ স্খলন হ’বলৈ ধৰিছে সমাজ ব্যৱস্থা ৷

শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা ৷ যি সময়ত ৰাজ্যত দিনক দিনে নাৰীজনিত অপৰাধৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে, সেই সময়তে আমগুৰিত এগৰাকী চৰকাৰী গাঁওবুঢ়াৰ কুকীৰ্তি পোহৰলৈ আহিছে ৷

অভিযোগ অনুসৰি গাঁওবুঢ়াই মহিলা দেখিলে থাকিবই নোৱাৰা হয় ৷ এই বিশেষ গাঁওবুঢ়া গৰাকী হৈছে আমগুৰিৰ বাউলী পুখুৰী শেনচোৱাৰ লাট গাঁওবুঢ়া দেবেশ্বৰ বৰা । তেওঁৰ বিৰুদ্ধে আছে বিস্ফোৰক অভিযোগ ৷ অকলশীয়া মহিলা দেখিলেই যৌন নিৰ্যাতন চলাই লাট গাঁওবুঢ়া দেৱেশ্বৰ বৰাই ৷ এই কথা আমি কোৱা নাই কৈছে গাঁওবাসীয়ে ৷ ইপিনে ঘটনা সৰ্ন্দভত ন্যায় বিচাৰি ভুক্তভোগী ৰাইজে শিৱসাগৰ জিলা উপায়ুক্তক ইতিমধ্যে দাখিল কৰিছে স্মাৰক পত্ৰ ।

স্বভাৱ বেয়া দেৱেশ্বৰ গাঁও-বুঢ়াৰ...

দেবেশ্বৰৰ বিৰুদ্ধে আছে বিস্ফোৰক অভিযোগ প্ৰমাণ প্ৰত্ৰ দিয়াৰ নামত মহিলাক ধন দাবী কৰাৰ লগতে মহিলাক অশালীন ব্যৱহাৰ কৰাৰ ৷ সিমানেই নহয় সুযোগ বুজি গাঁওবুঢ়াই মহিলাৰ শৰীৰত হাত দি বিভিন্ন ধৰণে শাৰীৰিক ভাৱে নিৰ্যাতন চলাই ৷

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত স্থানীয় ৰাইজে এইগৰাকী গাঁওবুঢ়াৰ কু-কীৰ্তিৰ সন্দৰ্ভত আমগুৰিৰ চক্ৰ বিষয়াক অভিযোগ দাখিল কৰিছিল যদিও, কোনো সহযোগিতা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

sস্বভাৱ বেয়া দেৱেশ্বৰ গাঁও-বুঢ়াৰ...
sস্বভাৱ বেয়া দেৱেশ্বৰ গাঁও-বুঢ়াৰ...

সম্প্ৰতি যদিহে জিলা উপায়ুক্তই এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আগন্তক দিনত স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলি এই অভিযোগ পত্ৰৰ জৰিয়তে জিলা উপায়ুক্তক অৱগত কৰিছে ।

লগতে পঢ়কঃ APDCL ৰ পৰীক্ষাত খেলিমেলি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত তদন্তকাৰী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.