APDCL ৰ পৰীক্ষাত খেলিমেলি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত তদন্তকাৰী দল

author img

By

Published : Sep 16, 2021, 9:43 PM IST

investigating-team-at-guwahati-university-in-connection-with-apdcl-exam-mess

2019 চনত অনুষ্ঠিত হোৱা এ পি ডি চি এলৰ 1600 ফিল্ড এছিষ্টেণ্ট( Filed assistant) পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ ৷ পৰীক্ষাত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ভিজিলেঞ্চতো দিয়া হৈছিল অভিযোগ ৷ ৰুজু হোৱা গোচৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বৃহস্পতিবাৰে দ্বিতীয় দিনাও তদন্তৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হয় ৷

গুৱাহাটী,16 ছেপ্তেম্বৰ: এ পি ডি চি এল (APDCL)ৰ 1600 ফিল্ড এছিষ্টেণ্ট পদৰ বাবে 2019 চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগৰ ভিত্তিত ৰুজু হোৱা গোচৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ বাবে তদন্তৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হয় ৷ এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষাৰ ফলাফল প্ৰক্ৰিয়াৰ তদন্ত কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত বুধবাৰেও উপস্থিত হৈছিল দলটো ৷

উল্লেখ্য যে, এ পি ডি চি এলৰ 2019 চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ক দিয়া হৈছিল ৷ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমত আছে পৰীক্ষাৰ উত্তৰবহীসমূহ ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ তথা তদন্তৰ বাবে দলটো আহিছিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ ৷ উল্লেখ যে, এ পি ডি চি এলৰ 1600 ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ ৷ পৰীক্ষাত খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়কঃ নৰেন্দ্র মােডীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমর্পণ অভিযান যুৱ মৰ্চাৰ

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ভিজিলেঞ্চতো অভিযোগ দিয়া হৈছিল ৷ যাৰ বাবে সমগ্ৰ দিশ পুংখানু পুংখভাৱে তদাৰক কৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ দলটোৱে ৷ তদুপৰি ফলাফল প্ৰক্ৰিয়াৰে জড়িত বোৰ্ডৰ সদস্যকো সোধা-পোছা কৰে দলটোৱে ৷

উল্লেখ্য যে, তদন্তৰ খাতিৰত কোনো বিশেষ মন্তব্য নকৰি পৰৱৰ্তী সময়ত সকলো কথা অৱগত কৰিব বুলি জানিবলৈ দিয়ে তদন্তকাৰী দলটোৱে ৷ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজ্যত সংঘটিত হোৱা অসম শক্তি বিতৰণ বিভাগৰ পদত নিযুক্তি খেলি মেলি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৃহস্পতিবাৰে এক বৈঠকৰ পিছতে বিজুলি ভৱনত সাংবাদিকে প্ৰশ্ন কৰে ৷

লগতে পঢ়কঃ গুৱাহাটীত একেদিনাই ৭৫ হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই ক্ষেত্ৰত তদন্ত চলি আছি আৰু অধিক তদন্ত কৰা হ'ব ৷ কোনোৱে দোষী সাব্যস্ত হলে সেই দোষীক শাস্তি প্ৰদান কৰা হ'ব ৷ অৱশ্যে নিজৰ মন্তব্যত সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত কোনো কথা উল্লেখ নকৰিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷ কেৱল ক্ষীপ্ৰ তদন্তৰ কথাহে উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ'জি কলিতাৰ নেতৃত্বত এটি দলে প্ৰায় 2 ঘণ্টা ধৰি এক বৈঠকত বহে ৷

ইয়াৰ মাজতে বিভাগটোৰ নিযুক্তি প্ৰক্ৰিয়াৰ মূল্যায়ন সাময়িকভাৱে স্থগিত ৰাখিছে চৰকাৰে ৷ পৰৱৰ্তী তদন্ত আৰু কোনো সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত এই সিদ্ধান্ত বাহাল থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়কঃ চিৰাঙত "জল জীৱন মিছন" আঁচনিৰ কামৰ পৰ্যালোচনা কৰিলে প্ৰমোদ বড়োৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.