Tense Situation in Sivasagar : দুৰ্ঘটনাত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Dec 7, 2021, 5:38 PM IST

Tense Situation in Sivasagar

শিৱসাৰৰ আখৈফুটীয়াৰ হিৰণ্য দাস নামৰ এজন যুৱকৰ মৃত্যুৱে এতিয়া লৈছে নতুন মূৰ । মঙলবাৰে মৃতকৰ পৰিয়াল তথা অঞ্চলবাসীয়ে শিৱসাগৰ সদৰ থানাৰ সন্মুখত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি যুৱকজনৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰে(Tense Situation in Sivasagar Sadar Police station) ৷

শিৱসাগৰ, 7 ডিচেম্বৰ : এক দুৰ্ঘটনাত পতিত হৈ শিৱসাৰৰ আখৈফুটীয়াৰ হিৰণ্য দাস নামৰ এজন যুৱকৰ মৃত্যুৱে এতিয়া লৈছে নতুন মূৰ । মঙলবাৰে মৃতকৰ পৰিয়াল তথা অঞ্চলবাসীয়ে শিৱসাগৰ সদৰ থানাৰ সন্মুখত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি যুৱকজনৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰে(Tense Situation in Sivasagar Sadar Police station) ৷ উল্লেখ্য যে, শিৱসাগৰ আখৈফুটীয়াত দেওবাৰৰ নিশা বাইকৰ খুন্দাত মৃত্যু হৈছিল যুৱকজনৰ । যুৱকজনৰ এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়াল তথা স্থানীয় ৰাইজে(Tense Situation over death of youth in accident) ।

নিহত হিৰণ্য দাস নামৰ যুৱকজনৰ বয়স ২২ বছৰ । ৰঘুৰাম দাসৰ পুত্ৰ হিৰণ্য দাসৰ লগত একে গাঁৱৰে জুন দাস নামৰ আন এজন যুৱকৰ দুদিন পূৰ্বে মতানৈক্যৰ সৃষ্টি হৈছিল ৷ প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে, খোজকাঢ়ি গৈ থকা অৱস্থাত নিশা যুৱকজনক খুন্দা মাৰিছিল জুন দাসৰ বাইকে । দুৰ্ঘটনাৰ পাছতে পলায়ন কৰে জুন দাসে ।

দুৰ্ঘটনাত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক: Jorhat Mob Lynching : পুনৰায় আটক ঘটনাৰে জড়িত অভিযুক্ত

মৃত হিৰণ্য দাসৰ সৈতে আছিল সুৰজ হাজৰিকা আৰু পৰশ দাস নামৰ আন দুজন যুৱক । জুন দাসৰ বাইকৰ খুন্দাতে হিৰণ্য দাস নিহত হোৱা বুলি অভিযোগ কৰিছে দুই সৰ্তীথই । চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত হিৰণ্য দাসে মৃত্যুক আকোৱালি লয় ৷

এনে অভিযোগৰ ভিত্তিতে পৰিয়ালৰ লোকে হিৰণ্য দাসৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি উচিত তদন্তৰ দাবী কৰিছে ৷ ইতিমধ্যে শিৱসাগৰ সদৰ থানাত(Sivasagar Sadar Police station) হিৰণ্য দাসৰ মৃত্যু সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Demand to Repeal AFSPA: দিল্লীলৈ ৰাওনা হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.