ETV Bharat / state

বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনাই চৰ্চাত দিখৌমুখৰ এটি পৰিয়াল

author img

By

Published : Mar 20, 2022, 8:20 PM IST

আজি বিশ্ব ঘৰচিৰিকা দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন এই বিশেষ দিৱস(World Sparrow Day 2022) ৷ জাক পাতি থাকি ভালপোৱা সৰু চৰাইবিধ এতিয়া সঘনাই দেখিবলৈও পোৱা নাযায় সেয়েহে এই কণমানি চৰাইবিধক সংৰক্ষণৰ বাবে দিখৌমুখৰ এটি পৰিয়ালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

special-steps-taken-by-dikhowmukhs-family-to-save-sparrow
বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনাই চৰ্চিত দিখৌমুখৰ এটি পৰিয়াল

আমগুৰি, ২০ মাৰ্চ : ঘৰচিৰিকা, প্ৰকৃতিৰ বুকুত ওমলি জামলি, জপিয়াই, মানুহৰ সংগে সংগে, অলপ দূৰে দূৰে বিচৰণ কৰি ঘুৰা এটি সৰু চৰাই ঘৰচিৰিকা ! আজি বিশ্ব ঘৰচিৰিকা দিৱস ভাৰতৰ নেচাৰ ফৰএভাৰ ছ'ছাইটি (Nature Forever Society celebrates World Sparrow Day) নামৰ এক সংস্থাৰ আহ্বান মৰ্মে পোন প্ৰথমে ২০১০ চনত পালন কৰা হৈছিল এই ঘৰচিৰিকা দিৱস ৷

বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনাই চৰ্চিত দিখৌমুখৰ এটি পৰিয়াল

ঘৰচিৰিকা আমাৰ সকলোৰে চিনাকি । বহুতে ইয়াক ঘনচিৰিকা বুলিও কয় । এই চৰাইবিধৰ সুবিধাজনক বাসস্থান হৈছে খেৰীঘৰৰ চাল অথবা ঘৰৰ বাটামৰ চুক-কোণ । তাতে খেৰ- কূটা,অ'ৰ -ত'ৰ পৰা বুটলি আনি আটোম-টোকাৰিকৈ নিজৰ বাঁহটো সাজি লয় । জাক পাতি উৰা মাৰে । সৰু সৰু কীট-পতংগ হৈছে ইহঁতৰ খাদ্য । আকাৰত সৰু হ'লেও ঘৰচিৰিকা চৰায়ে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে । গাঁও-চহৰ সকলোতে ল’ৰালিৰ স্মৃতিৰ সৈতে ঘৰচিৰিকাৰ নানান কাহিনী সকলোৰে জীৱনত থাকে ।

কিন্তু বৰ্ধিত প্ৰদূষণ, বৃহৎ অট্টালিকা আৰু গছ-গছনিৰ অভাৱে ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । জাক পাতি থাকি ভালপোৱা সৰু চৰাইবিধ এতিয়া সঘনাই দেখিবলৈও পোৱা নাযায় । সেয়ে সম্প্ৰতি দিখৌমুখৰ এটি পৰিয়ালে এই চৰাইবিধৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

গ্ৰামাঞ্চলৰ খেৰৰ ঘৰত সততে বাঁহ সাজি আশ্ৰয় লৈ থকা এই সৰু চৰাই ঘৰচিৰিকা সময়ৰ চাকনৈয়াত সংখ্যাত দিনক দিনে কমি আহিবলৈ ধৰিছে ।

খেৰীঘৰ ভাঙি পকীঘৰ হোৱাত ঘৰচিৰিকাৰ আৱাসস্থল কমি অহাৰ সময়তে শিৱসাগৰ জিলাৰ দিখৌমুখ ভৰলুৱা গাঁৱৰ প্ৰণৱ শইকীয়া আৰু তেওঁ পৰিয়ালে নিজা বাসগৃহৰ বাৰাণ্ডাতে সংৰক্ষণ কৰি আহিছে এই কণমানি ঘৰচিৰিকাবোৰ । পেছাত এজন দোকান ব্যৱসায়ী প্ৰণৱ শইকীয়াই দোকানৰ পেলনীয়া কাগজৰ বাকচ একগোট কৰি নিজ গৃহৰ বাৰাণ্ডাতে ঘৰচিৰিকা সমূহৰ আশ্ৰয়ৰ বাবে বান্ধি ৰাখিছে কেইবাটাও বাকচ । বাৰাণ্ডাতে কাগজৰ বাকচ বান্ধি দি ঘৰচিৰিকাৰ আৱাসস্থল গঢ়ি তোলা প্ৰণৱ শইকীয়াৰ বাসগৃহত এতিয়া উমলি জামলি ফুৰিছে ঘৰচিৰিকাই৷ সেয়ে ঘৰচিৰিকা দিৱসৰ এই বিশেষ দিনটোত চৰ্চালৈ আহিছে আমগুৰি দিখৌমুখৰ এই পৰিয়ালটি ।

শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে। ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল, মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনৰ ফলত ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ। তেনেদৰে নগৰীকৰণ, খেতি-পথাৰত কীটনাশক আৰু পতংগনাশকৰ বহুল ব্যৱহাৰ, বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে ৷

সেয়েহে এই চৰাইবিধৰ সংৰক্ষণৰ বাবে নৱপ্ৰজন্ম তথা সচেতন মহলে আগবাঢ়ি আহিলেহে প্ৰকৃতিৰ বুকুত ঘৰচিৰিকা সুৰক্ষিত হৈ ৰ'ব বুলি আশা প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী হীৰেন দত্তই ৷

ঘৰচিৰিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমান বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰকৃতিপ্ৰেমী সংস্থা তথা বিভিন্ন লোকে । তথাপিও পৰ্যাপ্ত সজাগতাৰ অভাৱতে বৰ্তমান এই চৰাইবিধ বিলুপ্তিৰ পথলৈ গতি কৰিছে । ঘৰচিৰিকাৰ বহুল বিস্তৃতি তথা সংখ্যাৰ বাবে ইয়াক আইইউচিএনৰ ৰেড তালিকাত বিশেষ পক্ষী হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে । শেহতীয়া তথ্য অনুসৰি, ঘৰচিৰিকাৰ সংখ্যা বিশ্বৰ বিভিন্ন অঞ্চলত দ্ৰুত গতিত হ্ৰাস পাইছে ।

লগতে পঢ়ক : বিশ্ব ঘৰচিৰিকা দিৱস বিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.