ETV Bharat / state

দুৰ্যোগৰ সময়ছোৱাতে ৰাজ্যৰ একাংশ চিকিৎসক আৰু আৰক্ষীৰ অমানৱীয় কাণ্ড!

author img

By

Published : Apr 17, 2020, 9:17 PM IST

শিৱসাগৰৰ দৰিকাপাৰৰ নাওঁজান গাঁৱৰ নিবাসী কদমী গগৈয়ে বিগত 16 এপ্ৰিলত নিজ বাসগৃহতে পৰি আঘাতপ্ৰাপ্ত হয় ৷ পৰিয়ালৰ লোকে ১০৮ বাহনক খবৰ দিয়াত তেখেতক জয়সাগৰস্থিত আসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু, সেই সময়ত কৰ্তব্যৰত চিকিৎসক জনে আঘাত গুৰুতৰ বুলি কৈ তেখেতক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে ৷

Sivsagar plice inhuman behaviour
দুৰ্যোগৰ সময়ছোৱাতে ৰাজ্যৰ একাংশ চিকিৎসক আৰু আৰক্ষীৰ অমানৱীয় কাণ্ড!

শিৱসাগৰ,17 এপ্ৰিলঃ যি সময়ত দিনে নিশাই নিজ নিজ কৰ্তব্যত নিয়োজিত হাজাৰ হাজাৰ আৰক্ষী তথা চিকিৎসাকৰ্মীয়ে নিদৰ্শন দাঙি ধৰিছে ৷ সেইসময়তেই, ৰাজ্যৰ একাংশ চিকিৎসা কৰ্মী আৰু আৰক্ষীৰ অমানবীয় কাণ্ডই আচৰিত কৰি তুলিছে সকলো লোকক ৷ লক ডাউনৰ সময়তেই শিৱসাগৰত আৰক্ষী আৰু চিকিৎসকৰ বঞ্চনাৰ সন্মুখীন হৈছে এগৰাকী বৃদ্ধা ৷ উল্লেখ্য যে,শিৱসাগৰৰ দৰিকাপাৰৰ নাওঁজান গাঁৱৰ নিবাসী কদমী গগৈয়ে বিগত 16 এপ্ৰিলত নিজ বাসগৃহতে পৰি আঘাতপ্ৰাপ্ত হয় ৷ পৰিয়ালৰ লোকে ১০৮ বাহনক খবৰ দিয়াত তেখেতক জয়সাগৰস্থিত আসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু, সেই সময়ত কৰ্তব্যৰত চিকিৎসক জনে আঘাত গুৰুতৰ বুলি কৈ তেখেতক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে ৷

ৰাজ্যৰ একাংশ চিকিৎসক আৰু আৰক্ষীৰ অমানৱীয় কাণ্ড

আনহাতে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সামান্য বেণ্ডেজ কৰিয়ে কর্তব্যৰত চিকিৎসকে কৰ’ণা ভাইৰাছৰ কাৰণ দৰ্শাই চিকিৎসালয়ৰ পৰা ওলাই যাবলৈ কয় বুলি জানিবলৈ দিয়ে তেখেতৰ বোৱাৰী জোনালী গগৈয়ে। ফলত চিকিৎসালয়ৰ বাৰান্দাতে নিশা পাৰ কৰিবলগীয়া হয় ৭৫ বছৰীয়া কদমী গগৈ আৰু তেখেতৰ নাতি আৰু বোৱাৰীয়ে ৷ ইয়াৰ পিছত পুৱাৰ ভাগত যোৰহাট সদৰ থানাত সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷ যোৰহাট আৰক্ষীৰ পৰাও কোনো সহাৰি লাভ নকৰি লাহদৈগড় আৰক্ষী চকীত উপস্থিত হয় ৷ কিন্তু, থানাৰ চৌহদত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হয় কদমী গগৈ আৰু তেখেতৰ বোৱাৰীয়েকক ৷ অবশেষত টীয়কৰ ৱেবপৰ্টেলৰ এগৰাকী সাংবাদিকে ফেচবুকৰ জৰিয়তে ৰাইজৰ আগত বিষয়টো অৱগত কৰে ৷

ৰাজ্যৰ একাংশ চিকিৎসক আৰু আৰক্ষীৰ অমানৱীয় কাণ্ড

এতিয়া প্ৰশ্ন হয়,ৰাজ্যৰ মুখ্যমন্ত্ৰী,স্বাস্থ্য মন্ত্রীৰ লগতে আৰক্ষী প্ৰধান ভাস্কৰজ্যোতি মহন্তই বয়োজ্যেষ্ঠ লোকসকলক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ সময়তেই এগৰাকী বৃদ্ধাৰ ক্ষেত্ৰত কৰা এনে আচৰণ কিমান গ্ৰহণযোগ্য?

লগতে পঢ়ক-গোলাঘাটত নৱ নিৰ্মিত চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.