ETV Bharat / state

কৰ’ণাৰ ত্ৰাস: শিৱসাগৰত একাধিক কণ্টেইনমেণ্ট জ'ন ঘোষণা

author img

By

Published : Apr 26, 2021, 10:28 PM IST

SIVSAGAR CONTAINMENT ZONE
কৰ’ণাৰ ত্ৰাস: শিৱসাগৰত একাধিক কণ্টেইনমেণ্ট জ'ন ঘোষণা

বাসগৃহত ক'ভিড পজিটিভ ব্যক্তি হোম কোৱাৰেন্টাইনত হৈ থকাৰ পাচতো বাহিৰত ঘূৰি ফুৰা আৰু ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰখাৰ অভিযোগ শিৱসাগৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন হৈছে শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ দুৰ্গাদত্ত বিশ্বনাথ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ।

শিৱসাগৰ, 26 এপ্ৰিল : শিৱসাগৰত ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ আশংকা ৷ বাসগৃহত ক'ভিড পজিটিভ ব্যক্তি হোম কোৱাৰেন্টাইনত থকাৰ পাচতো বাহিৰত ঘূৰি ফুৰা আৰু ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰখাৰ অভিযোগ শিৱসাগৰৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন হৈছে শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰল সমীপৰ দুৰ্গাদত্ত বিশ্বনাথ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে । প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ দেহত যোৱা ২৩ এপ্ৰিলত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷ যাৰ পাছতে তেওঁ ৰেডক্ৰচ ৰোডস্থিত নিজা বাসগৃহত হোম কোৱাৰেন্টাইনত থাকে ।

কৰ’ণাৰ ত্ৰাস: শিৱসাগৰত একাধিক কণ্টেইনমেণ্ট জ'ন ঘোষণা

কিন্তু স্থানীয় ৰাইজে দুদিন ধৰি আক্ৰান্ত লোকজনক বাহিৰত ঘুৰি ফুৰা প্ৰত্যক্ষ কৰাৰ লগতে একেটা গৃহতে থকা পৰিয়ালৰ আন আন ব্যক্তিয়ে জে পি আগৰৱালা পথত থকা তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰাখি সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা দেখা পায় । লগে লগে শিৱসাগৰ জিলা প্ৰশাসনক প্ৰত্যক্ষদৰ্শীয়ে অৱগত কৰাত শিৱসাগৰ ৰাজহ খণ্ডৰ ক'ভিড প্ৰট’কল বিষয়া ৰিজু ৰহমানে দুৰ্গাদত্ত বিশ্বনাথ ব্যৱসায় প্ৰতিষ্ঠানখন আৰু তেওঁলোকৰ ৰেডক্ৰচ ৰোডৰ বাসগৃহ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে । তদুপৰি বিষয়া গৰাকীয়ে জনোৱা মতে সোমবাৰে শিৱসাগৰত সাতটা স্থান কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ।
লগতে পঢ়ক: ভাস্কৰজ্যোতি মহন্তৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.