ETV Bharat / state

শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত বিশেষ ছেনিটাইজেশ্যন প্ৰক্ৰিয়াৰ শুভাৰম্ভণি

author img

By

Published : Jun 13, 2020, 7:47 PM IST

COVID-19ৰ পৰা সুৰক্ষাত্মক ব্যৱস্থা প্রদানৰ উদ্দেশ্যেৰে চাৰিটাকৈ ছেনিটাইজেশ্যন প্রক্রিয়া হাতত লৈ শিৱসাগৰৰ জিলা উপায়ুক্তৰ কার্যালয়ত উপস্থিত হয় চিকিৎসকৰ এটা দল ৷

sivasagar-dc-office-sanitized
শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত বিশেষ ছেনিটাইজেশ্যন প্ৰক্ৰিয়াৰ শুভাৰম্ভণি

শিৱসাগৰ,13 জুনঃ শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যালয়ত ছেনিটাইজেশ্যনৰ উদ্দেশ্যে উপস্থিত হয় শিৱসাগৰৰ চিকিৎসকৰ এটা দল । ডাঃ ৰাজদ্বীপ নাথৰ তত্ত্বাৱধানত লোৱা এই পদক্ষেপত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ বহিৰ্ভাগৰ লগতে অন্তৰ্ভাগৰো ছেনিটাইজেশ্যন কৰা হয় ৷

শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত বিশেষ ছেনিটাইজেশ্যন প্ৰক্ৰিয়াৰ শুভাৰম্ভণি
উক্ত ছেনিটাইজেশ্যন মূলতঃ চাৰিটা পদ্ধতিৰে কৰা হয়,তাৰে এটা হৈছে এৰিয়েল ফিউৰমিকেঞ্চন,যাৰ সহায়ত বতাহত এটা ৰাসায়নিক পদাৰ্থ এৰি দিয়া হয় যাতে কোঠাৰ ভিতৰৰ চাৰিওফালৰ বতাহ বিশুদ্ধ হৈ পৰে। এৰষ্ক'স্প্রে,মেনুৱেল ছেনিটাইজেশ্যন আৰু ইউবিলাইট ছেনিটাইজেশ্যন।

বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই শুভাৰম্ভণি কৰা হৈছে এই চাৰিওটা বিভাগৰ ছেনিটাইজেশ্যন। এই বিশেষ চাৰিটা ছেনিটাইজেশ্যনৰ সহায়ত COVID-19ৰ ৰোগৰ বীজাণুৰ সংক্ৰমণৰ প্রক্রিয়াটোৰ পৰা যথেষ্ট পৰিমাণে পৰিত্ৰাণ পাব পৰা যাব বুলি আশাবাদী চিকিৎসকসকল।

লগতে পঢ়কঃ প্ৰায় 75 দিনৰ পিছত শ্বুটিং আৰম্ভ হ'ল ৰামোজি ফিল্ম চিটীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.