ETV Bharat / state

শিৱসাগৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰ'ড শ্ব

author img

By

Published : Mar 23, 2021, 9:57 PM IST

ৰংঘৰৰ পৰা আৰম্ভ হোৱা ৰ'ড শ্বত মন্ত্ৰী গৰাকীয়ে বিজেপি সমৰ্থকৰ সম্ভাষণ গ্ৰহণ কৰি দিখৌ দলং, এটি ৰ'ড হৈ অৰুণোদয় পথেদি মুক্তিনাথ চাৰিআলি হৈ টেম্পল ৰ'ডৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমুখত ৰাইজক সম্বোধন কৰে । কেইবা সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত গানৰ তালে তালে বিজেপি সমৰ্থকে নৃত্য প্ৰদৰ্শন কৰি সমষ্টিত বিজেপি প্ৰাৰ্থী গৰাকীৰ সৱল স্থিতিৰ উমান দিয়ে ।

শিৱসাগৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰ'ড শ্ব
শিৱসাগৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰ'ড শ্ব

শিৱসাগৰ,23 মাৰ্চঃ শিৱসাগৰত অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰ'ড শ্ব । হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে ঐতিহাসিক ৰংঘৰৰ সমুখৰ পৰা গাড়ীত উঠি শিৱসাগৰ নগৰ পৰিভ্ৰমণ মন্ত্ৰী হিমন্তৰ । লগত শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰী আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ । ৰংঘৰৰ পৰা আৰম্ভ হোৱা ৰ'ড শ্বত মন্ত্ৰী গৰাকীয়ে বিজেপি সমৰ্থকৰ সম্ভাষণ গ্ৰহণ কৰি দিখৌ দলং, এটি ৰ'ড হৈ অৰুণোদয় পথেদি মুক্তিনাথ চাৰিআলি হৈ টেম্পল ৰ'ডৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমুখত ৰাইজক সম্বোধন কৰে । কেইবা সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত গানৰ তালে তালে বিজেপি সমৰ্থকে নৃত্য প্ৰদৰ্শন কৰি সমষ্টিত বিজেপি প্ৰাৰ্থী গৰাকীৰ সৱল স্থিতিৰ উমান দিয়ে ।

শিৱসাগৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰ'ড শ্ব

মঙলবাৰে ৰ'ড শ্বত মন্ত্ৰী গৰাকীক বিভিন্ন ঠাইত ৰাইজৰ দলৰ পতাকাৰ লগতে আহোম সেনাই সংগঠনৰ পতাকা প্ৰদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে ।স্বভাৱসুলভ ভংগীমাৰে মন্ত্ৰী গৰাকীয়ে ৰাইজৰ আদৰ গ্ৰহণ কৰি বিভিন্ন মুদ্ৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।ইতিমধ্যে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ ব্যাপক অভ্যুত্থান ঘটা শিৱসাগৰ সমষ্টিত বিজেপি দলৰ আজিৰ প্ৰচাৰ আভিযানে নিশ্চয়কৈ ভোটাৰৰ ওপৰত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে । মন্ত্ৰী গৰাকীয়ে ৰ'ড শ্বৰ অন্তত হোৱা ভাষণত এইবাৰ শিৱসাগৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী গৰাকীৰ জয় নিশ্চিত বুলি দাবী কৰে ।

লগতে পঢ়কঃ কাৰাগাৰৰ পৰা লিখা অখিল গগৈৰ এখন পত্ৰই জোকাৰিছে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.