ETV Bharat / state

ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰিং বান্ধ

author img

By

Published : Sep 7, 2020, 12:15 PM IST

ব্ৰহ্মপুত্ৰৰ বানে এটা সুঁতিৰ সৃষ্টি কৰাত অঞ্চলটোৰ 1 নং আলিমুৰ, 2 নং আলিমুৰ ৰূপহীমুখকে ধৰি কেইবাখন গাঁৱৰ ৰাইজৰ ব্যাহত হৈ পৰিছে যাতায়ত ৷

Pulic made ring bandh at Amguri by their own money
দিখৌমুখত ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰিং বান্ধ

আমগুৰি, 7 ছেপ্তেম্বৰ: ৰাজ্যত ক্ৰমাৎ সুস্থিৰ হৈছে বান পৰিস্থিতি ৷ আশ্ৰয় শিবিৰ সমূহৰ পৰা নিজ বাসগৃহলৈ উভতিছে ৰাজ্যৰ হাজাৰ হাজাৰ বানাক্ৰান্ত পৰিয়াল ৷ কিন্তু বানপানীৰ পিছত সৃষ্টি হোৱা অৱনৰ্ণীয় পৰিস্থিতিয়ে দিশহাৰা কৰিছে বানাক্ৰান্ত ৰাইজক ৷ ৰাজ্যৰ আন সমূহ জিলাৰ দৰেই শিৱসাগৰ জিলাৰ আমগুৰিৰ দিখৌমুখতো সৃষ্টি হৈছে এক অৱনৰ্ণীয় পৰিস্থিতি ৷ তিনিটাকৈ বানে অঞ্চলবাসীক দি থৈ গ'ল এবুকু যান্ত্ৰনা ৷ যাৰবাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলটোৰ শ-শ পৰিয়াল ৷ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ সহায় নাপাই অৱশেষত অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে বানে চিঙি নিয়া কেইবাটাও অংশ ৷

দিখৌমুখত ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰিং বান্ধ

উল্লেখ্য যে, আমগুৰিৰ দিখৌ মামল চিকাৰি পাৰঘাটৰ সন্মুখতেই ব্ৰক্ষ্মপুত্ৰৰ বানে এটা সুঁতিৰ সৃষ্টি কৰাত অঞ্চলটোৰ 1 নং আলিমূৰ, 2 নং আলিমূৰ ৰূপহীমুখকে ধৰি কেইবাখন গাঁৱৰ ৰাইজৰ যাতায়ত ব্যাহত হৈ পৰিছে ৷ লগতে ছিগা অংশই পানী সোমাই কৃষি পথাৰো বিনষ্ট কৰিছে । কিন্তু উক্ত সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি অহা জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ ৷

অঞ্চলবাসীৰ অভিযোগ এই দীৰ্ঘ দিনীয়া বানৰ সমস্যাটো কেৱল বিধানসভাৰ মজিয়াত আলোচনা হয়, পাইলট পজেক্টৰ কথা হয় কিন্তু সমাধান কোনো দিনে নহয় ৷ উপায়হীন হৈ অৱশেষত 6 খনকৈ গাঁৱৰ ক্ষোভিত ৰাইজে গাঠিৰ ধন ভাঙি মেৰামতি কৰি উলিয়ালে বানে চিঙা অংশ ৷ স্থানীয় লোকে চিগা অংশ মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক বস্তা যোগান ধৰিবলৈ অনুৰোধ জনাইছিল যদিও সেই ক্ষেত্ৰটো বিভাগটোৱে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়কঃ বান পৰিস্থিতিক মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা বিধায়ক মৃনাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.