Protest against pig smuggling : গাহৰি চিণ্ডিকেটৰ বিৰুদ্ধে আমগুৰিত জাতীয় সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Dec 23, 2022, 3:28 PM IST

Protest against pig smuggling

গাহৰি চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আমগুৰিত সদৌ টাই আহোম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ (Protest against pig smuggling)। আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট সংগঠনসমূহ । আমগুৰি থানা ঘেৰাও কৰিলে সংগঠনকেইটাই ।

আমগুৰিত জাতীয় সংগঠনৰ প্ৰতিবাদ

আমগুৰি,২৩ ডিচেম্বৰ : ৰাজ্যত কয়লা, চুপাৰি চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি পশুধনৰ চোৰাং সৰবৰাহ অব্যাহত আছে (Syndicate in Assam)। আৰক্ষী তথা প্ৰশাসনৰ চকুৰ সন্মুখতে চলি আছে এই কাৰ্যকলাপ । বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন সময়ত এই কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাইছে যদিও এতিয়াও এনে কাৰ্যকলাপবোৰ বন্ধ হোৱা নাই । ইফালে গাহৰি চিণ্ডিকেট চক্ৰও সম্প্ৰতি ৰাজ্যত সক্ৰিয় হৈ আছে (Pig smuggle in Assam)। যাৰ বাবে বিভিন্ন সময়ত চিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসমৰ বহু দল-সংগঠন ।

উল্লেখ্য যে শেহতীয়াভাৱে ছোৱাইন ফ্লুকে ধৰি অচিন ৰোগত আক্ৰান্ত অসমৰ বিভিন্ন জিলাৰ লাখ লাখ গাহৰি মৃত্যুমুখত পৰিছে । একাংশ গাহৰি পালক একপ্ৰকাৰ জুৰুলা হৈ পৰিছে । ইয়াৰ সুযোগ গাহৰি চিণ্ডিকেট চক্ৰটোৱে গ্ৰহণ কৰা দেখা গৈছে ।

বহিঃৰাজ্যৰ পৰা প্ৰতিদিনে অসমলৈ অবৈধভাৱে গাহৰি সৰবৰাহ কৰিছে চক্ৰটোৱে । কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই । থলুৱা গাহৰি পালকক সহায় কৰাৰ বিপৰীতে চৰকাৰেও বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিছে ।

এনে কাৰ্যকলাপৰ বিৰুদ্ধে ভিন্ন সময়ত অসমৰ একাংশ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ আমগুৰিত স্থানীয় কেইবাটাও সংগঠনে থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে । গাহৰি চিণ্ডিকেটৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰাত ক্ষোভিত হৈ পৰিছে সংগঠনসমূহ । যাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম যুৱ পৰিষদে শুকুৰবাৰে আমগুৰি থানা ঘেৰাও কৰে (Protest against pig smuggling in Amguri)।

থলুৱা গাহৰি পালকক পেটত গামোচা বান্ধিবলৈ বাধ্য কৰোৱা আমগুৰিৰ একাংশ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহে । প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি জিলা প্ৰশাসনৰ 'No Entry' নামানি উক্ত পথেৰে বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহ অব্যাহত আছে । আনহাতে ৰাজ্যৰ থলুৱা গাহৰি পালকৰ মূৰত মাধমাৰ সোধাই চিণ্ডিকেট চক্ৰটোৱে অসমত ছোৱাইন ফ্লুৰ দৰে মাৰাত্মক বেমাৰৰ বীজাণু মেলি দিছে বুলিও অভিযোগ কৰে সংগঠন কেইটাই ।

প্ৰতিবাদৰ অন্তত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকলৈ সংগঠন কেইটাই বিভিন্ন দাবীৰে এখন স্মাৰক পত্ৰও প্ৰদান কৰে । আনহাতে এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে ভয়ংকৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে সংগঠনৰ নেতাসকলে ।

লগতে পঢ়ক :Arunodoi Scheme Form: মুছলমান সম্প্ৰদায়ৰ মহিলাক অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ নিদিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.