ETV Bharat / state

প্ৰলোভনৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই : দেৱব্ৰত শইকীয়া

author img

By

Published : Oct 27, 2021, 10:14 PM IST

Press meet by Devabrat Saikia at Thaora
প্ৰলোভনৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই

বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ দলক তীব্ৰ সমালোচনা কৰে ৷ দেৱব্ৰত শইকীয়াই কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘন কৰি নিৰ্বাচনী আয়োগৰ ওচৰত ক্ষমা খুজিলে । বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে সেয়েহে হিমন্ত বিশ্ব শৰ্মাই প্ৰলোভনেৰে উন্নয়নৰ ৰাজনীতি কৰিছে ।

থাওৰা, 27 অক্টোবৰ : থাওৰাৰ ডিমৌৰ ৰাজীৱ ভৱনত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ দলক তীব্ৰ সমালোচনা কৰে ৷ দেৱব্ৰত শইকীয়াই কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘন কৰি নিৰ্বাচনী আয়োগৰ ওচৰত ক্ষমা খুজিলে । বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে সেয়েহে হিমন্ত বিশ্ব শৰ্মাই প্ৰলোভনেৰে উন্নয়নৰ ৰাজনীতি কৰিছে ।

প্ৰলোভনৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই

নিৰ্বাচন আয়োগৰ পৰা তথ্য পোৱা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ চম্ভালি কথা ক'বলৈ নিৰ্দেশ দিছে । নিৰ্বাচনৰ প্ৰচাৰ কালত বিভিন্ন চৰকাৰী আঁচনি প্ৰলোভন দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পাঁচ মাহৰ আগত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়াও নিৰ্বাচন আয়োগৰ বিধি উলংঘাৰ অভিযোগ উত্থাপন হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ তেতিয়াও হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক কৰি দিছিল নিৰ্বাচন আয়োগে ৷

বিৰোধীয়ে কৰা অভিযোগ তথা কংগ্ৰেছৰ অভিযোগ ভিত্তিতে নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক কৰি দিছে বুলি কয় দেৱব্ৰত শইকীয়াই ৷ তদুপৰি নিৰ্বাচনী প্ৰচাৰৰ কালত ভুৱা প্ৰতিশ্ৰুতিৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰলোভনৰ ৰাজনীতি কৰিলে বুলি কয় বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

5 টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচা কাৰ্যসূচী বুধবাৰে বিয়লি 5 বজাত সামৰণি পৰে ৷ অহা 30 অক্টোবৰ অনুষ্ঠিত হ'ব সমষ্টিৰ কেইটাৰ উপ-নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী ৷

লগতে পঢ়ক: প্ৰতিমাহৰ 10 তাৰিখে পালন কৰা হ’ব অংগনবাদী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.