ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

author img

By

Published : Nov 12, 2020, 9:43 AM IST

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন কৰে আমগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে ৷ শেহতীয়া ভাৱে 86 বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী COVID-19ত আক্ৰন্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ বুধবাৰে মাংগলিক প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি ভগৱানৰ শ্ৰীচৰণত সেৱা জনায় কংগ্ৰেছ কৰ্মী তথা বিভিন্ন দল সংগঠনে ৷

As_Amg_pray_for_Tarun_Gogoi_Health_condition_img_ASC10029
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

আমগুৰি,১2নৱেম্বৰ: দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা তৰুণ গগৈ ৷ শেহতীয়া ভাৱে 86 বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী আক্ৰন্ত হৈছিল COVID-19ত ৷ কেইবা বাৰো চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন কৰে আমগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে ৷

As_Amg_pray_for_Tarun_Gogoi_Health_condition_img_ASC10029
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

গৌৰীসাগৰ সাৰ্বজনীন পূজা মন্দিৰত পূজা অৰ্চনা কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰিলে আমগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী তথা বিভিন্ন দল সংগঠনে ৷ মহামাৰী ক'ৰণাত আক্ৰন্ত হোৱাৰ পাছৰে পৰা স্ৱাস্থ্যৰ অধিক অৱনতি ঘটে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ বুধবাৰে মাংগলিক প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি কংগ্ৰেছ কৰ্মীসকলে ভগৱানৰ শ্ৰীচৰণত সেৱা জনায় বৰ্ষীয়ান কংগ্ৰেছ নেতা তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰে।

লগতে পঢ়ক: আলিপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ এএনএম বিৰুদ্ধে কৰ্মত অৱহেলাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.