ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে যুৱকে

author img

By

Published : Jan 9, 2020, 11:03 PM IST

one died in road accident in karimganj
12 চকীয়া বাহনে প্ৰাণ ল’লে যুৱকৰ

যান্ত্ৰিক বিজুতিৰ বাবে নিজৰ এখন ভৰি হেৰুৱালে শিলৰ কুৱেৰীত কৰ্মৰত মহিলা কৰ্মচাৰীয়ে ৷ শিৱসাগৰত শিল খুন্দা মেচিনৰ খুণ্ডাত গুৰুতৰভাৱে আহত দুগৰাকী মহিলা কৰ্মচাৰী ৷ আনহাতে কৰিমগঞ্জত 12 চকীয়া ট্ৰাকে প্ৰাণ ল’লে যুৱকৰ ৷

নিউজ ডেস্ক , 9 জানুৱাৰীঃ কৰিমগঞ্জৰ আঠ নম্বৰ অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পাথাৰকান্দি সমষ্টিৰ বাজাৰিচৰা থানা এলেকাৰ হাতাই অঞ্চলত সংঘটিত দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱায় এজন বাইক চালকে ৷ প্ৰাপ্ত তথ্য মতে, লোৱাইৰপোৱাৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা TR 05 B6502 নম্বৰ স্প্লেণ্ডাৰ বাইক খনত এখন 12 চকীয়া ট্ৰাকে খুন্দা মাৰে ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতেই নিহত হয় বাইক আৰোহী গৰাকী ৷ ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ সক্ষম হয় ট্ৰাকখন ৷ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

শিলৰ কুৱেৰীত ভৰি হেৰুৱালে মহিলা কৰ্মচাৰীয়ে
12 চকীয়া বাহনে প্ৰাণ ল’লে যুৱকৰ

আনহাতে, অসম নাগালেণ্ড সীমান্তৱৰ্তী বিবাদমান এলেকা বিহুবৰত বৃহস্পতিবাৰে পুৱাই সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় দুগৰাকী মহিলা শ্ৰমিক ৷ শিল খননত ব্যৱহৃত এটা মেচিনৰ খুন্দাত আঘাতপ্ৰাপ্ত লক্ষ্মী কৰ্মকাৰ নামৰ এগৰাকী মহিলা শ্ৰমিক ৷ ভৰিত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত মহিলাগৰাকীৰ শৰীৰৰ পৰা বিছিন্ন হৈ পৰে এখন ভৰি ৷ একে স্থানতে শিল খনন কৰি থকা বসন্তী সৌহান নামৰ অন্য এগৰাকী মহিলা শ্ৰমিকক আঘাত কৰে মেচিনটোৱে ৷ ঘটনাৰ পিছতে ঘটনাস্থলীত বিহুবৰ আৰক্ষী উপস্থিত হৈ মহিলা দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ শৰীৰ পৰা এটা ভৰি বিচিন্ন হৈ পৰা মহিলা শ্ৰমিক লক্ষ্মী কৰ্মকাৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃআমেৰিকাৰ আক্ৰমণ, ইৰাণৰ দীঘলীয়া ছাঁয়া যুদ্ধ

Intro:


Body:SLUG----DENGEROUS ROAD ACCIDENT
কৰিমগঞ্জৰ আট নম্বৰ অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্রীয় ঘাইপথত সংঠটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী বাইক চালকে।দুৰ্ঘটনা সংগঠিত হৈছে পাথাৰকান্দি সমষ্টিৰ বাজাৰিচৰা থানা এলেকাৰ হাতাই এলেকাত।ঘটনা অনুসৰি লোৱাইৰপোৱাৰ পৰা ত্ৰিপুৰা অভিমুখে যাত্ৰা কৰা এখন স্প্লেডাৰ বাইক নম্বৰ TR 05 B6502 ক সজোৰে খুন্দা মাৰি এখন দ্ৰুতগ্ৰামী 12 চকীয়া ট্ৰাকে আৰু ঘটনাস্থলীতেই মৃত্যু হয় বাইক চালকৰ ।ঘটনাক সংঘটিত কৰি ঘাতক ট্ৰাক পলাই যাবলৈ সক্ষম হৈছে।আনফালে বাজাৰিচৰা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণতৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পাতালৈ প্ৰেৰণ কৰে।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.