National flag distribution: আমগুৰিত অগপৰ উদ্যোগত জাতীয় পতাকা বিতৰণ

author img

By

Published : Aug 6, 2022, 3:56 PM IST

national flag distribute by agp

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ'ৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে(Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিৱসাগৰতো অগপই বিতৰণ কৰিলে ত্ৰিৰংগা(National flag distribute in Amguri) ।

আমগুৰি, ৬ আগষ্ট : ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে(75th years of Independence of India) কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা "আজাদী কা অমৃত মহোৎসৱ"ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনাইছিল আহ্বান ।

সেই আহ্বানৰ প্ৰতি সহাৰি জনাই শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ আমগুৰি নগৰৰ হোটেল ববত অনুষ্ঠিত এক অনুষ্ঠানত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰীকা আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকাৰ উদ্যোগত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় সাংবাদিকসকলক জাতীয় পতাকা উপহাৰ হিচাপে প্ৰদান কৰে (National flag distribute in Amguri)।

আমগুৰিত অগপৰ উদ্যোগত জাতীয় পতাকা বিতৰণ

অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য পুলকেশ গগৈয়ে আঁতধৰা অনুষ্ঠানত ভাগলৈ অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা‌ই ভাৰতবৰ্ষ‌ই স্বাধীনতা লাভ কৰিবলৈ স্বাধীনতা সেনানীসকলে যি অপৰিসীম ত্যাগ স্বীকাৰ কৰিছিল তাক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ আদৰ্শৰে দেশ জাতিৰ বাবে কাম কৰি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় । সুদৰ্শন হাজৰিকাই দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অহা ১৩,১৪ আৰু ১৫ আগষ্ট তাৰিখে আমগুৰি সমষ্টিৰ প্ৰতিটো পৰিয়ালকে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় (Har Ghar Tiranga Abhiyan) ।

অনুষ্ঠানত অগপৰ চাহ কোষৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক লেডৰা ওৰাং, আমগুৰি নগৰ পৰিষদৰ সম্পাদক ৰাতুল মহন্ত, লালিম চাপৰি পঞ্চায়ত পৰিষদৰ সম্পাদক মাধুৰ্য গগৈ, লক্ষী বৰাকে আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক: Illigal Wine Seized: স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত মেৰাপানীত CRPF ৰ তালাচীত জব্দ সুৰাভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.