ETV Bharat / state

আমগুৰিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক প্ৰদীপ হাজৰিকাৰ

author img

By

Published : May 15, 2021, 8:08 PM IST

আমগুৰি সমষ্টিৰ অন্তৰ্গত দিখৌমুখ আৰু ৰূপহীমুখ অঞ্চল পৰিদৰ্শন কৰি বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে স্থানীয় বিধায়ক গৰাকীয়ে ৷

mla-pradip-hazarika-inspected-flood-effected-areas-of-amguri
আমগুৰিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক প্ৰদীপ হাজৰিকাৰ

আমগুৰি,15 মে': দ্বিতীয়বাৰলৈ আমগুৰি সমষ্টিৰ বিধায়ক হিচাপে জয়ী হোৱাৰ পিছত শনিবাৰে বানাক্ৰান্ত দিখৌমুখ আৰু ৰূপহীমুখ অঞ্চল পৰিদৰ্শন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷ দিখৌমুখ আৰু ৰূপহীমুখ অঞ্চলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লয় বিধায়ক গৰাকীয়ে ৷

mla-pradip-hazarika-inspected-flood-effected-areas-of-amguri
আমগুৰিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক প্ৰদীপ হাজৰিকাৰ

উল্লেখ্য যে, দুদিনমান পূৰ্বে অহা প্ৰৱল ধুমুহাত ক্ষতিগ্ৰস্থ দিখৌমুখৰ প্ৰায় ত্ৰিশটা পৰিয়ালৰ দুৰ্দশাৰ বুজ লৈ অহা পাঁচবছৰত আমগুৰি সমষ্টি উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি প্ৰকাশ কৰে বিধায়ক হাজৰিকাই ৷ লগতে বানাক্ৰান্ত দিখৌমুখ আৰু ৰূপহীমুখ অঞ্চলৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.