ETV Bharat / state

LINKEDINত সৰ্বাধিক পোষ্ট কৰি অভিলেখ গঢ়িলে শিৱসাগৰৰ যুৱতীয়ে

author img

By

Published : Sep 4, 2021, 4:08 PM IST

India Book of Records
LINKEDINত সৰ্বাধিক পোষ্ট কৰি অভিলেখ গঢ়িলে শিৱসাগৰৰ যুৱতীয়ে

পুনৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ জীয়ৰীয়ে । এইবাৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ বিশেষ শিতানত নিজৰ নাম সন্নিৱিষ্ট কৰিছে শিৱসাগৰৰ যুৱতীগৰাকীয়ে । যুৱতীগৰাকীৰ সফলতাত আনন্দিত শিৱসাগৰবাসী ।

শিৱসাগৰ,৪ ছেপ্তেম্বৰ : বৰ্তমান সময়ত যুৱ প্ৰজন্মই সামাজিক মাধ্যম যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা দেখা যায় । বহুতে আকৌ ক'ব বিচাৰে, সামাজিক মাধ্যমে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে । পিছে শিৱসাগৰৰ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

সামাজিক মাধ্যমৰ অন্যতম প্লেটফ'ৰ্ম লিংকেডিন (LINKEDIN) ব্যৱহাৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত (India Book of Records) নাম অন্তৰ্ভুক্ত কৰিছে যুৱতীগৰাকীয়ে । এটা দিনত সৰ্বাধিক পোষ্ট কৰি এই অভিলেখ গঢ়িছে শিৱসাগৰৰ ফৰহিন আহমেদ নামৰ যুৱতীগৰাকীয়ে । ফৰহিন আহমেদ শিৱসাগৰ চহৰৰ নিবাসী তথা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী ।

LINKEDINত সৰ্বাধিক পোষ্ট কৰি অভিলেখ গঢ়িলে শিৱসাগৰৰ যুৱতীয়ে

ফৰহিনে LINKEDINত ২৪ ঘণ্টাত সৰ্বাধিক ৩২৬ টা পোষ্ট কৰিছিল । চলিত বছৰৰ ২৯ জুলাইত পোষ্টসমূহ কৰিছিল ফৰহিনে । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত হোৱাত যথেষ্ট আনন্দিত ফৰহিন আহমেদ । ইফালে কন্যাৰ সফলতাত উৎফুল্লিত হৈ পৰিছে ফৰহিনৰ মাতৃও ।

উল্লেখ্য যে ফৰহিনে আঢ়ৈ বছৰ বয়সৰ পৰাই কম্পিউটাৰৰ জ্ঞান আহৰণ কৰাৰ লগতে চাৰি বছৰ বয়সতে 'বিশ্বৰ কনিষ্ঠতম জাভা প্ৰগেমাৰ' হিচাপে স্বীকৃতি লাভ কৰিছিল । তদুপৰি ২০০৪ চনত ফৰহিনে লাভ কৰিছিল 'ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ'।

লগতে পঢ়ক :হাগ্ৰামা হঠাৎ ৰঞ্জিত বসুমতাৰীৰ বুকুৰ কুটুম কিয় হ'ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.