Lok Kalyan Day 2022: শিৱসাগৰত লোক কল্যাণ দিৱস উদযাপন

author img

By

Published : Aug 5, 2022, 5:19 PM IST

Lok Kalyan Day 2022

ৰাজ্যজুৰি উদযাপন লোক কল্যাণ দিৱস (Lok Kalyan Day celebration in Assam)। শিৱসাগৰৰ যুৱ দৌলত আয়োজিত দিৱসত অসম লোক সেৱা পুৰস্কাৰ প্ৰদান । জিলা উপায়ুক্তকে ধৰি থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই উপস্থিত কাৰ্যসূচীত ।

শিৱসাগৰ,৫ আগষ্ট : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে ৰাজ্যজুৰি লোক কল্যাণ দিৱস উদযাপন কৰা হয় (Lok Kalyan Day celebration in Assam)। প্ৰতিখন জিলাতে প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এই দিৱসৰ । কেবিনেট সিদ্ধান্ত অনুসৰি অসমৰ সকলো জিলাৰ লগতে শিৱসাগৰ জিলাতো প্ৰশাসনৰ উদ্যোগত এই দিৱস পালন কৰা হয় ।

শিৱসাগৰত লোক কল্যাণ দিৱস উদযাপন

শিৱসাগৰ নগৰৰ যুৱ দৌলত অনুষ্ঠিত উক্ত দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিজ নিজ কামত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলক "অসম লোক সেৱা পুৰস্কাৰ" সন্মানেৰে উৎসাহিত কৰে (Assam Lok Sewa Puraskar distribution)। সভাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু অসমলৈ তেওঁৰ অৱদান সন্দৰ্ভত আলোচনা কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । গোপীনাথ বৰদলৈৰ জীৱন সাধনা সন্দৰ্ভত বক্তব্য ৰাখে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবীন শৰ্মাই ।

শিৱসাগৰ জিলাৰ লোক সেৱা পুৰস্কাৰেৰে সন্মানিত হোৱা কৰ্মচাৰীসকল হৈছে ক্ৰমে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ অশোক বৰুৱা, শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ উন্নয়ন আৰু ৰূপান্তৰ শাখাৰ জেষ্ঠ সহায়ক ভাস্কৰজ্যোতি দাস, শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ এমপিডব্লিউ স্বাস্থ্য কৰ্মী মুস্তাফিজ ৰফিক আহমেদ আৰু শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচন শাখাৰ চকীদাৰ ডি.কুমাৰ পাতিৰি ।

কৰ্মচাৰীসকলক গামোচা, মানপত্ৰ, নগদ ২৫,০০০ টকা আৰু চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধিৰে সন্মানিত কৰা হয় । লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই উপস্থিত থাকে ।

লগতে পঢ়ক :Har Ghar Tiranga: জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মুকলি ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.