ETV Bharat / state

নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Sep 16, 2022, 4:55 PM IST

KMSS
নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যত উত্তাল প্ৰতিবাদ (Recruitment scam in Assam)। শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ কৰে । চৰকাৰে বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ।

শিৱসাগৰ,১৬ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ (Assam recruitment scam)। নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় কেইবাটাও ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে । এফালে যদি চাকৰিৰ দালালক গ্ৰেপ্তাৰ কৰিছে (Job broker arrested) আনফালে আকৌ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে উঠিছে চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ । আনহাতে শেহতীয়াকৈ হৈ যোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তিত ধনৰ লেনদেনৰো গুৰুতৰ অভিযোগ উঠিছে ।

চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠন । ইয়াৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও শিৱসাগৰত শুকুৰবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (KMSS protest over recruitment scam)। সংগঠনটোৰ শিৱসাগৰ সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠিও দাহ কৰে । নিকা আৰু স্বচ্ছ চৰকাৰৰ টেগ লগাই বিজেপি চৰকাৰে চৰকাৰী নিয়োগৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

যাৰ বাবে এতিয়া নিকা আৰু ধনৰ লেনদেন মুক্ত চৰকাৰী নিয়োগৰ ব্যৱস্থাটো এক প্ৰশসনত পৰিণত হোৱা বুলি অভিযোগ কৰে সংগঠনটোৱে । ইফালে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিয়োগৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰে সংগঠনটোৱে । চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে এক তদন্তৰো দাবী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতে শিক্ষিত নিবনুৱাক সংস্থাপন দিয়াত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । বিজেপি চৰকাৰৰ নেতৃত্বত ৰাজ্যখনত নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক ধনৰ লেনদেনৰ অভিযোগ কৰে সংগঠনটোৱে । কেৱল নিযুক্তি প্ৰক্ৰিয়াতে নহয় বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলৰ ।

লগতে পঢ়ক :লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.