ETV Bharat / state

বানৰ পাছত দিখৌমুখত গৰাখহনীয়াৰ তাণ্ডৱ

author img

By

Published : Jul 20, 2020, 8:35 AM IST

এটাৰ পাছত আন এটা দুৰ্যোগে জুৰুলা কৰিছে দিখৌমুখবাসীক ৷ 10 খনৰো অধিক গাঁৱত ভয়াৱহ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ৷ খহনীয়া ৰোধৰ নামত বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ১৭০ কোটি টকীয়া প্ৰকল্পৰ নামত প্ৰলোভন দিয়াৰ অভিযোগ ৷

after flood erosion has affected amguri badly
বানৰ পাছত দিখৌমুখত গড়াখহনীয়াৰ তাণ্ডৱ

আমগুৰি , ২০ জুলাইঃ বানৰ পাছত শিৱসাগৰ জিলাৰ দিখৌমুখত ভয়াৱহ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়া সমস্যাই ৷ বানে তচনচ কৰি যোৱা দিখৌমুখৰ মামল চিকাৰী পাৰাঘাটকে ধৰি ১০ খনৰো অধিক গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই ৷ বহু পৰিয়ালৰ মাটি-ভেঁটি উচন হোৱাৰ লগতে খেতি-পথাৰ নদীত বিলীন হৈছে দিখৌমুখৰ ১ নং আলিমূৰ, ২ নং আলিমূৰ, বৰগাঁও, জনমিৰি মিছিং গাঁও, পুৰণিগুডাম, ৰূপহীমুখ মিছিং গাঁও, কুমাৰ গাঁও আদি অঞ্চলত ৷

গড়াখহনীয়াৰ গ্ৰাসত দিখৌমুখৰ 10 খন গাঁও

স্থানীয় ৰাইজৰ ক্ষোভ , গুৰুত্ব নাই জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কৰ । ৰাজ্যৰ জলসম্পদ বিভাগৰ চূড়ান্ত অৰ্কমণ্যতা আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ গুৰুত্বহীনতাৰ ফল ভোগ কৰিছে দিখৌমুখ আৰু ৰূপহীমুখবাসীয়ে ৷ উল্লেখ্য যে , বিধায়ক প্ৰদীপ হাজৰিকাই খহনীয়া ৰোধৰ কাৰণে ১৭০ কোটি টকীয়া পাইলট প্ৰজেক্ট ঘোষণা কৰিছিল যদিও বৰ্তমান পৰ্যন্ত আৰম্ভ হোৱা নাই প্ৰকল্পৰ কাম ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিবাসীক আভূৱা ভাৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে আমগুৰিবাসীয়ে ৷ শীঘ্ৰে সমস্যাৰ স্থায়ী সমাধানৰ দাবী ভুক্তভোগীৰ ৷

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটা মেধিৰটাৰীত শতাধিক লোকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.