ETV Bharat / state

দুটা হাতী ৰহস্যজনক মৃত্য়ু আৰু বন বিভাগৰ অজ্ঞতা !

author img

By

Published : Nov 13, 2019, 12:05 PM IST

শিৱসাগৰত দুটা বনৰীয়া হাতীৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ

উল্লেখ্য যে, মঙলবাৰে নিশা বন বিভাগে এটা বনৰীয়া হাতীৰ দল খেদি পঠাইছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ সম্প্ৰতি বন বিভাগে হাতী পোৱালী দুটাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ৷

শিৱসাগৰ, 13 নৱেম্বৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ ৷ কেতিয়াবা যদি হাতীৰ আক্ৰমণত মৃত্যু হৈছে সাধাৰণ লোকৰ, কেতিয়াবা আকৌ বন্যহস্তীক ৰোধিবলৈ ৰাইজে পতা ফান্দত পৰি প্ৰাণ হেৰুৱাইছে হাতীয়ে ৷

শিৱসাগৰ জিলাৰ আখৈফুটীয়া ঘাটৰ সমীপত অজ্ঞাত কাৰণত মৃত্যু হৈছে দুটাকৈ বনৰীয়া হাতী পোৱালিৰ ৷ হাতী দুটাৰ বয়স প্ৰায় 10 ৰ পৰা 12 বছৰ হ'ব বুলি নিশ্চিত কৰিছে বন বিভাগে ৷ পকা ধান খাবলৈ আহি ৰহস্যজনকভাৱে মৃত্যু হোৱা হাতী দুটাক লৈ এতিয়া বিমোৰত পৰিছে বন বিভাগৰ লোকসকল ৷ কিয়নো বনৰীয়া হাতী দুটাৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে ঠিৰাং কৰিব পৰা নাই বিভাগে ৷ একাংশই বিদ্যুৎস্পৃষ্ট হৈ হাতী দুটাৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও বন বিভাগে তেনে সন্দেহ নাকচ কৰিছে ৷

শিৱসাগৰত দুটা বনৰীয়া হাতীৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ

ইতিমধ্যে, মৃত হাতী দুটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ বন বিভাগে প্ৰস্তুতি চলাইছে ৷ উল্লেখ্য যে, মঙলবাৰে নিশা বন বিভাগে এটা বনৰীয়া হাতীৰ দল খেদি পঠাইছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ সম্প্ৰতি বন বিভাগে হাতী পোৱালী দুটাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে চাওক, সন্ত্ৰাস নহয় সম্পদ হ'ব 'লাডেন'

Intro:Body:*শিৱসাগৰত দুই বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু*
Story-ELEPHANT_DEATH
Ananta Smith
Sivasagar
13th November

শিৱসাগৰ জিলাৰ আখৈফুটীয়া ঘাটৰ সমীপত একাধিক হাতীৰ ৰহস্যজনক মৃত্যু।মাজুমলীয়া আৰু গোহাঁই গাঁৱত উদ্ধাৰ হৈছে এটা পোৱালি আৰু এটা ডেকেৰুৱা হাতীৰ মৃতদেহ।

পকা ধান খাবলৈ আহি অজ্ঞাত কাৰণত মৃত্যু হোৱা হাতী দুটাক লৈ বিমোৰত পৰিছে বন বিভাগ। বনৰীয়া হাতী দুটাৰ কৰুণ মৃত্যু কি কাৰণত হ'ল সেইয়া ঠিৰাং কৰিব পৰা নাই বিভাগে।একাংশই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিলেও বন বিভাগে নাকচ কৰিছে তেনে সম্ভাৱনা।পশু চিকিৎসকে পৰীক্ষা কৰাৰ পিচতহে জানিব পৰা যাব মৃত্যুৰ কাৰণ।ইতিমধ্যে জেচিবি আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে বিভাগে।উল্লেখযোগ্য যে যোৱা নিশা বন বিভাগৰ লোকে এক বনৰীয়া হাতীৰ দল খেদিছিল বুলিও স্থানীয় ৰাইজে জানিব দিছে।

মৃত্যু হোৱা হাতীৰ বয়স ১০/১২ বছৰ হব বুলি বন বিভাগে নিশ্চিত কৰিছে।বিভাগে অনুসন্ধান আৰম্ভ কৰিছে যদিও গভীৰ সন্দেহ ঘণীভূত হৈছে দুই হাতীৰ মৃত্যুক কেন্দ্ৰ কৰি।

Bite-স্থানীয় লোক আৰু বনকৰ্মীConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.