শিৱসাগৰত সুধাকণ্ঠৰ ওপজা দিন পালন

author img

By

Published : Sep 8, 2021, 1:36 PM IST

DR Bhupen Hazarika Birth Anniversary
আজি ড০ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম বাৰ্ষিকী ()

আজি ড০ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম বাৰ্ষিকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰতো পালন কৰা হৈছে সুধাকণ্ঠৰ ওপজা দিন । জিলাখনৰ দৌলমুখ চাৰিআলিত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত উদযাপন কৰা হৈছে বিশ্ববন্দিত শিল্পীগৰাকীৰ জন্ম বাৰ্ষিকী ।

শিৱসাগৰ, ৮ ছেপ্টেম্বৰ : কালজয়ী গীতৰে অসমৰ সংগীত জগত সমৃদ্ধ কৰা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৫ সংখ্যক জন্ম বাৰ্ষিকী । ওপজা দিনটোত মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে । শিৱসাগৰবাসীয়েও স্মৰণ কৰিছে সুধাকণ্ঠক । বুধবাৰে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত দৌলমুখ চাৰি আলিত সুধাকণ্ঠৰ ওপজা দিন পালন কৰা হয় ।

পুৱাই ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । লগতে কেক কাটি সকলোৱে ড০ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী পালন কৰে । এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰে । ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সুধাকণ্ঠৰ স্মৃতি ৰোমণ্ঠন কৰে শিল্পীসকলে ।

আজি ড০ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম বাৰ্ষিকী

ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰি গীত পৰিৱেশন কৰে চোনী টিভিত সম্প্ৰচাৰিত ৰিয়েলিটী শ্ব' চুপাৰ চিংগাৰৰ প্ৰতিযোগী হৰ্ষিত নাথে ।

অনুষ্ঠানটিত অংশ লৈ মহেন্দ্ৰ হাজৰিকাই কয় যে, ড০ ভূপেন হাজৰিকা অবিহনে অসমৰ চিত্ৰপট অংকন কৰাতো অসম্ভৱ । নৱ প্ৰজন্মই সুধাকণ্ঠৰ পৰা সঁচা প্ৰেম, জাতীয় প্ৰেম, শব্দ প্ৰেম, সঁচা মানৱ প্ৰীতি এই সকলোবোৰ শিকিব পাৰে বুলি তেওঁ মন্তব্য কৰে । মহেন্দ্ৰ হাজৰিকাই সুধাকণ্ঠক জীৱন শিকাৰ অভিধান বুলি আখ্যা দিয়ে ।

উল্লেখ্য যে, ১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াৰ এখন গাঁৱত ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল । গায়ক, সুৰকাৰ, গীতিকাৰ হিচাপে অসমৰ সংগীত জগতলৈ অনন্য অৱদান আগবঢ়াই গৈছে শিল্পীগৰাকীয়ে । গীতৰ জৰিয়তে তেওঁ পশ্চিমবংগৰ লগতে আন আন ৰাজ্যতো আৰু চুবুৰীয়া দেশ বাংলাদেশতো জনপ্ৰিয়তা লাভ কৰিছিল । আজি এইগৰাকী বিশ্ববিশ্ৰুত শিল্পীৰ ওপজা দিনত সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।

লগতে পঢ়ক:ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.