ETV Bharat / state

দুৰ্নীতি নহয়; ব্যতিক্ৰমী প্ৰচেষ্টাৰে চৰ্চাত এখন পঞ্চায়ত

author img

By

Published : Jul 16, 2021, 6:51 PM IST

পঞ্চায়ত বুলিলেই সাধাৰণতে দুৰ্নীতিৰ লুণ্ঠনৰ কথাই মনলৈ আহে । এইখন অসমৰে এখন পঞ্চায়ত যিখন পঞ্চায়ত প্ৰায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ কেনেকৈ পঞ্চায়তখন অসমৰ এখন আদৰ্শনীয় গাঁও পঞ্চায়তলৈ ৰূপান্তৰিত হ’ল চাওক এই প্ৰতিবেদন...

dikshu-panchayat-from-sivsagar-district-takes-exceptionial-intiative-for-the-educated-youth
এইবাৰ দুৰ্নীতি নহয় ব্যতিক্ৰমী প্ৰচেষ্টাৰে চৰ্চাত পঞ্চায়ত

আমগুৰি, 16 জুলাই : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে দুৰ্নীতি আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ প্ৰায়ে উত্থাপিত হৈ আহিছে ৷ পঞ্চায়ত বুলিলেই সাধাৰণতে দুৰ্নীতি লুণ্ঠনৰ কথাই মনলৈ আহে । কিন্তু বৰ্তমানো এনে এখন ব্যতিক্ৰমী পঞ্চায়ত আছে যি অনিয়মৰ বাবে নহয় আদৰ্শৰ বাবেহে চৰ্চালৈ আহিছে ।

এইখন শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত দিকচু পঞ্চায়ত । পঞ্চায়তখনে নিজৰ আবাদী ভূমিত নিজাকৈ ৰাজহ সংগ্ৰহ কৰিবলৈ পঞ্চায়তৰ 4 বিঘা মাটিত 5 হাজাৰ সাঁচি আৰু সমান পৰিমানৰ মাটিকঁঠালৰ পুলি ৰোপন কৰিছিল । বৰ্তমান সেই মাটিকঁঠালবোৰ বিক্ৰীৰ উপযোগী হৈছে ।

মাটিকঁঠালৰ খেতিৰ জৰিয়তে পঞ্চায়খনৰ অন্তৰ্গত বহু নিবনুৱা যুৱকক সংস্থাপনৰ পথ দেখুওৱা পঞ্চায়তখনে বৰ্তমান পূৰঠ হোৱা প্ৰায় 3 হাজাৰ মাটি কঠালৰ 15 শ পাইকাৰী মূল্যত জোৰা 60 টকাকৈ বিক্ৰীৰ ব্য়ৱস্থা কৰিছে ।

এইবাৰ দুৰ্নীতি নহয় ব্যতিক্ৰমী প্ৰচেষ্টাৰে চৰ্চাত পঞ্চায়ত

কেৱল ইমানেই নহয়, পঞ্চায়তখনৰ অধীনৰ প্ৰতিখন ৱাৰ্ডত কলৰ বাগান আৰু বিভিন্ন কৃষি কৰ্ম কৰি কৃষি বিপ্লৱৰ সূচনা কৰিছে এই পঞ্চায়তখনে । দিকচু পঞ্চায়তৰ এই মাটিকঁঠালৰ বাগানে বৰ্তমান আকৰ্ষিত কৰিছে সকলোকে । অসমৰ অন্যান্য পঞ্চায়তৰ লগত তুলনা নোহোৱা দিকচু পঞ্চায়তৰ প্ৰতি ৱাৰ্ডতে শিক্ষিত যুৱকক নিয়োগ কৰি কল, কুঁহিয়াৰ, নেমু, মাটিকঁঠাল, সাঁচি বাগান ৰোপন কৰি বিশেষকৈ বজাৰ দখলৰ চেষ্টাৰে পঞ্চায়তখনে নিজাববীয়াকৈ এনে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

কিন্তু বজাৰ দখলৰ এই চেষ্টা কিমান সফল হ’ব ? ৰাজ্যত চলি থকা লকডাউনত বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ী সকল এতিয়া জুৰুলা হৈ পৰিছে ৷ লকডাউনৰ বাবে ৰাজ্যৰ এখন ঠাইৰ পৰা আন ঠাইলৈ যাতায়তৰ ব্যৱস্থা বন্ধ হৈ আছে, বন্ধ হৈ আছে বজাৰ-সমাৰ ৷ ইয়াৰ পৰিপেক্ষিতত পঞ্চায়তখনৰ এই বজাৰ দখলৰ প্ৰচেষ্টা কিমান ফলপ্ৰসূ হ’ব ? বিক্ৰীৰ বাবে উপযোগী হ’বনে উৎপাদিত এই সামগ্ৰী ? শিক্ষিত যুৱকক নিয়োগ কৰি ৰখা এই কৰ্মৰাজী কিমান ফলপ্ৰসূ হ’ব ? এই সন্দৰ্ভত চৰকাৰে কি পদক্ষেপ ল’ব সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত পোহৰলৈ আহিছে দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.