ETV Bharat / state

শিৱসাগৰত নাবালিকাৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : May 26, 2021, 12:50 PM IST

dead-body-recovered-in-sivsagar
শিৱসাগৰত নাবালিকাৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰৰ ৰে’ল জংচনৰ পুখুৰীত ওপঙি থকা অৱস্থাত 6 বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ ৷ বুধবাৰে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃত কণমানিজনী মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে ৷

শিৱসাগৰ, 26 মে’: শিৱসাগৰৰ ৰে’লৱে জংচনৰ পুখুৰীত বুধবাৰে উদ্ধাৰ হয় এটি কণমানি নাবালিকাৰ মৃতদেহ ৷ বুধবাৰে পুৱা মৃতদেহটো পুখুৰীটোত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

dead-body-recovered-in-sivsagar
শিৱসাগৰত নাবালিকাৰ মৃতদেহ উদ্ধাৰ

ইফালে মৃতদেহটো ২৫ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা ৬ বছৰীয়া মেঘালী হাজৰিকাৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক: দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.